এক ঐতিহাসিক দিনৰ সাক্ষী হ’ল দেশবাসী ! ৰামধ্বনিৰে মুখৰিত অযোধ্যাৰ আকাশ বতাহ…

এক ঐতিহাসিক দিনৰ সাক্ষী হ’ল দেশবাসী ! ৰামধ্বনিৰে মুখৰিত অযোধ্যাৰ আকাশ বতাহ…

August 5, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- ৫০০ বছৰীয়া অপেক্ষাৰ অন্ত, দেশবাসীক সাক্ষী কৰি অযোধ্যাই ৰচিলে নতুন ইতিহাস ।

সম্পন্ন হ’ল ৰাম মন্দিৰৰ ভূমি পূজন, আৰম্ভ হ’ল শুভ মুহূৰ্ত ।

খন্তেক পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে  ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব ।

Image

উক্ত কাৰ্যসূচীত প্ৰধানমন্ত্ৰীক সংগ দিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে ।

গেৰুৱা বসন লগতে মাস্ক পৰিধান কৰা দেখা যায় প্ৰধানমন্ত্ৰী মোদীক  ।  

অযোধ্যাত উপস্থিত হোৱাৰ পিছত প্ৰথমে মোদীয়ে হনুমান মন্দিৰ ভ্ৰমণ কৰে । তদুপৰি ৰামলালক দৰ্শন কৰি শেৱালী ফুলো ৰোপন কৰে মোদীয়ে ।

Image

উল্লেখ্য যে ৪০ কেজিৰ ৫ টা ৰূপৰ ইটা আৰু ১৩৩ গৰাকী সাধু-সন্তৰে অযোধ্যাত আৰম্ভ হৈছে ভূমি পূজন।

এই ভূমি পূজনত ব্যৱহাৰ হৈছে ১০০ খন নৈৰ জল ।

Image

বৈদিক ৰীতি মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশ ল’লে ভুূমি পূজনত। ২১ জন ব্রাহ্মণৰ দলে কৰিলে ভূমি পূজনৰ কাম। কাশী, অযোধ্যা, প্রয়াগৰাজৰ পৰা বিদ্বানসকল আহিছে এই কামৰ কাৰণে ।