বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূবৰ নতুন আঞ্চলিক কাৰ্যবাহী সঞ্চালক (RED AAI) নিযুক্তি

বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূবৰ নতুন আঞ্চলিক কাৰ্যবাহী সঞ্চালক (RED AAI) নিযুক্তি

October 8, 2020 0 By NEWS DESK

বিমান পৰিবহণৰ আন্তঃগাঁথনি উন্নয়নৰ দায়িত্ব RED AAI ৰ

গুৱাহাটী। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটী স্থিত উত্তৰ পূবৰ আঞ্চলিক কাৰ্যালয়ৰ নতুন সঞ্চালক (RED AAI) হিচাপে দায়িত্ব লাভ কৰিছে এম. সুৰেশে।

RED AAI এম সুৰেশ

উল্লেখ্য যে উত্তৰ পূবৰ আঠখন ৰাজ্যত বিমান পৰিবহণৰ ক্ষেত্ৰত আন্তঃগাঁথনি উন্নয়নকে ধৰি বহু গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে আঞ্চলিক কাৰ্য্যবাহী সঞ্চালকে (RED AAI)।

এম. সুৰেশে ইয়াৰ পূৰ্বে গােৱা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, জম্মু আৰু মদুৰাই বিমানবন্দৰৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

1990 ইং চনত মদুৰাই কামা বিশ্ববিদ্যালয়, মদুৰাইৰ পৰা ইলেক্ট্ৰনিকচ আৰু কমিউনিকেশ্যন বিভাগৰ স্নাতক এম. সুৰেশে মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা বিজনেছ এডমিনিষ্ট্ৰেশ্যনত মাষ্টাৰ্ছ ডিগ্ৰী লাভ কৰিছিল।

ইয়াৰ লগতে ইন্টাৰনেশ্যনেল এয়াৰপ’ৰ্ট প্ৰফেচনেল (IAP) ডিগ্ৰী 2013 ইং চনত লাভ কৰিছিল।

নতুন দায়িত্ব লাভ কৰি তেওঁ কয় যে জটিল ভৌগােলিক অৱস্থিতিৰ বাবে উত্তৰ পূবত নতুন বিমানবন্দৰৰ আন্তঃগাঁথনি উন্নয়ন তুলনাত্মকভাৱে জটিল যদিও সংশ্লিষ্ট ৰাজ্য চৰকাৰ তথা বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষৰ সহযােগত তেওঁ এই ক্ষেত্ৰত সকলাে প্ৰয়ােজনীয় ব্যৱস্থা হাত ল’ব।