বাওঁপন্থীসকলক ‘পেইড’ বৌদ্ধিক সন্ত্ৰাসবাদী আখ্যা বিতৰ্কিত বিজেপি নেতাৰ

বাওঁপন্থীসকলক ‘পেইড’ বৌদ্ধিক সন্ত্ৰাসবাদী আখ্যা বিতৰ্কিত বিজেপি নেতাৰ

September 14, 2020 0 By NEWS DESK

পুনৰ বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে বিজেপিৰ বিতৰ্কিত নেতা সত্যৰঞ্জন বৰাই।

বৰপেটাৰ সৰভোগত উপস্থিত হৈ এই মন্তব্য বৰাৰ।

জাতীয় সত্তা তথা হিন্দু চেতনা জাগৰণ যাত্ৰাৰ এক বিশেষ কাৰ্যসূচী উপস্থিত থাকে সত্যৰঞ্জন বৰা।

সৰভােগত সত্যৰঞ্জন বৰা

সৰভোগৰ ব্ৰজসদনত অনুষ্ঠিত এই কাৰ্যসূচীত পাছতে সংবাদমাধ্যমত আগত এই মন্তব্য প্ৰকাশ কৰে বৰাই।

ৰাজ্যৰ বাঁওপন্থী চিন্তাধাৰাৰ লােকসকলক চােকা ভাষাৰে সমালোচনা কৰে বৰাই।

সৰভােগত বাওঁপন্থী চিন্তাধাৰাৰ প্ৰভাৱ থকাৰ কথা স্বীকাৰ কৰি তেওঁ কয় যে বাওঁপন্থীসকল ‘পেইড’ বৌদ্ধিক সন্ত্ৰাসবাদী।

ৰাইজক এই কথা উপলব্ধি কৰিবলৈ আহ্বান জনাই বৰাই কয় যে হিন্দুসকলৰ মাজত বিভাজন কৰাৰ মূল শক্তিয়েই হৈছে বাওঁপন্থী চিন্তাধাৰা।

বাওঁপন্থীসকল ইছলামিক সন্ত্ৰাসবাদৰ পৃষ্ঠপােষক বুলিও তেওঁ বিতৰ্কিত মন্তব্য কৰে।