Site icon NEWS8 NE

SI ৰ বাছনি পৰীক্ষাত হাই-টেক্ পদ্ধতিৰে নকল কৰি ধৰা পৰিল পৰীক্ষাৰ্থী, ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। এটা চৰকাৰী চাকৰিৰ সপোন কাৰ নাথাকে? কিন্তু বৰ্তমান দেশত চৰকাৰী চাকৰিৰ সংখ্যা যিমানেই কমি আহিছে, সিমানেই বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। যাৰ ফলত চতুৰ্থ বৰ্গৰ এটা সাধাৰণ পদৰ বাবেও হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে আবেদন জনাবলৈ বাধ্য হৈছে।

শিক্ষা আৰু যোগ্যতাক একাষৰীয়াকৈ থৈ উচ্চ শিক্ষিত সকলেও পিয়ন-চকীদাৰ আদি পদৰ বাবেও প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে।

আনহাতে চৰকাৰী চাকৰিৰ বাচনি পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত সঘনাই সৃষ্টি হোৱা বিসংগতিয়েও যোগ্য প্ৰাৰ্থীৰ বাচনিত বাধা প্ৰদান কৰি আহিছে। তদুপৰি প্ৰবঞ্চনাৰেও বহু অযোগ্য প্ৰাৰ্থীয়ে লাভ কৰি আহিছে চৰকাৰী সংস্থাপন।

তেনে এক প্ৰবঞ্চনাৰ ঘটনাই শেহতীয়াকৈ তোলপাৰ লগাইছে ছচিয়েল মিডিয়াত।

এটা ভাইৰেল হৈ পৰা ভিডিঅ’ৰ পিছত চৰকাৰী চাকৰিৰ বাচনি পৰীক্ষাত অৱতীৰ্ণ হোৱা এজন প্ৰাৰ্থীক প্ৰৱঞ্চনাৰ ন’বেল বঁটা প্ৰদান কৰিব লাগে বুলিও সামাজিক মাধ্যমত ঠাট্টা-মস্কৰা চলিছে।

দৰাচলতে এই ঘটনা উত্তৰ প্ৰদেশৰ। শেহতীয়াকৈ ৰাজ্যখনত অনুষ্ঠিত হোৱা আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাচনি পৰীক্ষাত অৱতীৰ্ণ হৈছিল কেইবা শতাধিক প্ৰাৰ্থী।

কিন্তু তাৰে মাজৰ এজন প্ৰাৰ্থীয়ে এটা উইগৰ ভিতৰত এটা হাই-টেক ব্লুটুথ ৱায়াৰলেচ ছেট লুকুৱাই ৰাখিছিল। অৱশ্যে, প্ৰাৰ্থীজনকৰ চতুৰ প্ৰচেষ্টা স্বত্বেও, অৱশেষত কৰ্তৃপক্ষৰ দ্বাৰা ধৰা পৰে।

আইপিএছ বিষয়া ৰূপিন শৰ্মাই শ্বেয়াৰ কৰা এটা ভিডিঅ’ দেখা পোৱা গৈছে যে কেনেকৈ আৰক্ষীয়ে প্ৰাৰ্থীজনৰ মূৰৰ ওপৰত মেটেল ডিটেক্টৰটো লৈ যাওঁতে পিং কৰিবলৈ আৰম্ভ কৰে। যাৰ পিছত প্ৰাৰ্থীজনৰ তালাচী চলোৱাত কাণৰ ভিতৰত অতি ক্ষুদ্ৰ আকৃতিৰ ব্লুটুথ ডিভাইছ ধৰা পৰে।

ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে নেটিজেনসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰাৰ্থীজনৰ বিৰুদ্ধে একাংশই কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ বিপৰীতে আন একাংশই প্ৰাৰ্থীজনৰ চতুৰ বুদ্ধিমত্তাৰ শলাগ লয়।

লগতে চাওকঃ

আজব ঘটনা! ৰে’লৰ ইঞ্জিনকে বিক্ৰী কৰিলে বিভাগীয় অভিযন্তাই

Exit mobile version