Y কেটেগৰীৰ সুৰক্ষা প্ৰদান জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱটক !

Y কেটেগৰীৰ সুৰক্ষা প্ৰদান জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱটক !

September 7, 2020 0 By NEWS DESK

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে Y কেটেগৰীৰ সুৰক্ষা প্ৰদান কৰিব বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাউটক।

২ কমাণ্ডোৰ লগতে মুঠ ১১ গৰাকী জোৱানে সুৰক্ষা প্ৰদান কংগনা ৰানাৱটক।

উল্লেখযোগ্য যে মুম্বাইলৈ আহিলেই কংগনাক উচিত শিক্ষা দিয়া হ’ব বুলি ভাবুকি প্ৰদান কৰা কৰিছিল বিভিন্ন দল সংগঠনে।

আনহাতে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটেও টুইট যোগে অভিনেত্ৰী জনক মুম্বাইলৈ নাহিবলৈ একপ্ৰকাৰ ভাবুকি দিছিল।

সেই টুইটৰ প্ৰত্যুত্তৰত কংগনাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুম্বাইলৈ অহাৰ তাৰিখ পৰ্যন্ত ঘোষণা কৰি দিছিল।

৯ ছেপ্টেম্বৰত কংগনা মুম্বাইলৈ আহিব অভিনেত্ৰী গৰাকী।

সেয়েহে মুম্বাই বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতে এই সুৰক্ষা বেষ্টনীয়ে আৱৰি থাকি সুৰক্ষা প্ৰদান কৰিব অভিনেত্ৰী গৰাকীক।

Image

উল্লেখ্য যে, মুম্বাই পাক অধিকৃত কাশ্মীৰৰ দৰে হৈ পৰিছে বুলি টুইট কৰিছিল কংগনাই। যি টুইটৰ পিছতে একাংশই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।