একেলগে হোকা পাৰ্টিত অংশ লৈ  ক’ভিড-১৯ত আক্ৰান্ত হ’ল  ২৪ জন যুৱক, ছীল হ’ল এখন গাঁও

একেলগে হোকা পাৰ্টিত অংশ লৈ ক’ভিড-১৯ত আক্ৰান্ত হ’ল ২৪ জন যুৱক, ছীল হ’ল এখন গাঁও

August 5, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। চৰকাৰ, স্বাস্থ্য বিভাগ আৰু WHO এ ধূমপান কৰা লােক সকলক সতৰ্ক হ’বলৈ আহ্বান জনাই চিগাৰেট, ভাং অথবা হোকা ব্যৱহাৰ নকৰিবলৈ কঠোৰ নিৰ্দেশ দিছে।

চৰকাৰ আৰু স্বাস্থ্য বিভাগে বাৰম্বাৰ এই সতৰ্কতা মূলক নিৰ্দেশনা দিয়াৰ পিছতো যেন গাত কথা লগা নাই এচামৰ। যাৰ ফলত উদ্ভৱ হৈছে ভয়ংকৰ পৰিস্থিতিৰ।

তেনে এক ঘটনাই সংঘটিত হল হাৰিয়ানাৰ জিন্দ জিলাত।

উল্লেখ্য যে জিলাখনৰ শাদিপুৰ নামৰ গাওঁখনৰ এজন যুৱকৰ দেহত ধৰা পৰে ক’ভিড-১৯ পজিটিভ।

যুৱকজনে সমনীয়াৰ সৈতে অংশ লৈছিল এক হোকা পাৰ্টিত।

তাৰ পিছতেই জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি গাৱঁৰ মানুহে প্ৰশাসনক সহযোগিতাৰ উদ্দেশ্যেৰে তদন্তৰ বাবে গঠন কৰে এখন কমিটি।

আৰু তদন্তত ধৰা পৰে যে ২৪ জনে একেলগে ব্যৱহাৰ কৰিছিল হোকা।

যাৰফলত এসপ্তাহৰ ভিতৰত ২৪ জনৰ দেহত এই ৰোগ ধৰা পৰাত এতিয়া জিলা প্ৰশাসনে ছীল কৰি দিছে সমগ্র গাঁওখন।

জিলা স্বাস্থ্য বিভাগেও এজন ৰোগীৰ বক্তব্যৰ ভিত্তিত হোকাৰপৰা এই ৰোগৰ দ্ৰুত সংক্ৰমণৰ সন্দেহ প্ৰকাশ কৰে।

যিহেতু গাওঁ খনত এই ব্যৱস্থা অতি সুলভ, সেয়েহে প্ৰশাসনে এতিয়া গোটেই গাওঁখন অহৰহ চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে।