জুবিন কোনো সামাজিক দায়ৱদ্ধতা থকা শিল্পী নহয়, জুবিন জনপ্ৰিয় শিল্পীঃ অজিত কুমাৰ ভূঞা !

জুবিন কোনো সামাজিক দায়ৱদ্ধতা থকা শিল্পী নহয়, জুবিন জনপ্ৰিয় শিল্পীঃ অজিত কুমাৰ ভূঞা !

August 10, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- বিতৰ্কৰ মাজত সোমাই পৰিছে অসমবাসীৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ।

শেহতীয়াভাৱে জুবিন গাৰ্গে মুখ্যমন্ত্ৰীৰ লগতে শাসকীয় দলৰ মন্ত্ৰীক লগ কৰা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে ।

জুবিন গাৰ্গে কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছতে ছ’চিয়েল মিডিয়াত অধিক সমালোচিত হৈছে জুবিন ।

এইবাৰ জুবিন গাৰ্গক উভতি ধৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ।

 অজিত কুমাৰ ভূঞাই কলে- ‘জুবিন গাৰ্গ কোনো সামাজিক দায়ৱদ্ধতা থকা শিল্পী নহয় ৷ জুবিন এগৰাকী জনপ্ৰিয় শিল্পী ৷ জুবিনৰ প্ৰতিভা আছে ৷ কিন্তু জাতিৰ স্বাৰ্থত সামাজিক কামত লাগি থাকিবলৈ আৰু এখন গণ বিৰোধী চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিবৰ বাবে শিল্পীৰ আদৰ্শগত স্থিতি লাগিব । অন্যথা তেওঁলোকে ব্যক্তিগত কামত ব্যক্তিগত স্বাৰ্থতেই ৰজা ঘৰলৈ গতি কৰিব লাগিব ।’

‘জুবিন গাৰ্গৰ দৰে শিল্পীয়ে মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰাৰ কোনো অৰ্থ বিচাৰি পোৱা নাই ৷ মন্ত্ৰী তেওঁৰ ওচৰলৈ আহিব লাগে ।’-অজিত ভ়ূঞাৰ মন্তব্য ।

উল্লেখ্য যে, অজিত কুমাৰ ভূঞাৰ নেতৃত্বত সোমবাৰে বৰপেটাত উপস্থিত হয় আঞ্চলিক গণ মৰ্চাৰ নেতৃবৃন্দ ৷

ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত হাইদৰ হুছেইন, মনজিৎ মহন্ত, হলিৰাম টেৰাং, মেহদি আলম বৰাকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বৰপেটা প্ৰেছ ক্লাৱত নাগৰিক সমাজৰে মত বিনিময় কৰে দলটোৱে ৷