শােকাৱহ! জন্মদিন উদযাপনৰ কৰি ওভতাৰ পথত প্ৰাণ গ’ল ৩ বন্ধুৰ, আহত ২

নিউজ ডেস্ক। দুৰ্ঘটনা প্ৰতিৰােধৰ বাবে ৰাজ্যৰ পৰিবহন বিভাগে বিভিন্ন কাৰ্যব্যৱস্থা হাতত লােৱাৰ মাজতাে ৰাজ্যজুৰি নিতৌ সংঘটিত হৈছে বহু পথ দুৰ্ঘটনা।

বিশেষকৈ ঘন কুঁৱলী, মদ্যপান তথা তীব্ৰবেগত গাড়ী চলোৱাৰ বাবে অধিকাংশ দুৰ্ঘটনা সংঘটিত হৈছে।

তেনে এক শােকাৱহ পথ দুৰ্ঘটনাত সােমবাৰে নিশা প্ৰাণ গ’ল একেখন গাঁৱৰ তিনি বন্ধুৰ, গুৰুতৰভাৱে আহত হ’ল আন দুজন।

এইবাৰ ঘটনাৰ স্থান মৰিগাঁও জিলা।

জানিব পৰা মতে, বন্ধুৰ জন্মদিন উদযাপন কৰি জাগীৰোডৰ পৰা মৰিগাঁও দিশলৈ গৈ থকাৰ অৱস্থাত ML-08C-8188 হুণ্ডাই i-20 বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বঘৰাৰ ঘুলিগাঁৱৰ ৰিদিপ বৰদলৈ নামৰ এজন ব্যক্তিৰ ঘৰৰ লোৰ গে’টত প্ৰচণ্ড জােৰে খুন্দা মাৰে।

266729143-4072109226222022-1589825972923177874-n

এই দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল যে সংঘৰ্ষৰ পাছতে গাড়ীখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।

দুৰ্ঘটনাৰ ফলত বাহন খনত থকা দুজন যুৱক থিতাতে নিহত হয়। লগতে আন এজন যুৱকে মৰিগাঁও অসমাৰিক চিকিৎসালয়ত প্ৰাণ ত্যাগ কৰে।

মৃত যুৱক কেইজনৰ নাম মহীবুৰ ৰহমান (২৮), হাফিজুৰ ৰহমান (২৬), ছোহেল আহমেদ(২৬) বুলি জানিব পৰা গৈছে।

266755084-4072108506222094-4432816313528116986-n

তিনিওজন ঘৰ মৰিগাঁৱৰ মৰিমুছলমান গাঁৱত।

ইপিনে, এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ঈশান আহমেদ (১৯) আৰু ইক্ৰম আহমেদ (২১) নামৰ যুৱক দুজন সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে।

এই ঘটনাই বৃহত্তৰ মৰিগাঁও অঞ্চলতে এক গভীৰ শােকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

তিনিচুকীয়া ৰে’ল ষ্টেচনত বয়ােজ্যেষ্ঠ লােকৰ প্ৰাণৰক্ষা কৰি প্ৰশংসিত RPF জােৱান

Leave a Comment