প্ৰেমত হেঙাৰ পৰিয়াল! চৰম পথ লৈ সুউচ্চ পাহাৰৰ পৰা জঁপিয়াইও প্ৰাণৰক্ষা পৰিল প্ৰেমিক যুগলৰ…

নিউজ ডেস্কঃ পৰিয়ালে প্ৰেমৰ সম্পৰ্ক মানি নোলোৱাৰ বাবেই সুউচ্চ পাহাৰৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলালে এহাল প্ৰেমিক যুগলে।

অৱশ্যে সৌভাগ্যক্ৰমে জীৱন ৰক্ষা পৰে যুৱক-যুৱতীহালৰ।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ ৰামনগৰ জিলাত।

জানিব পৰা মতে, জিলাখনৰ নাগাৰভৱীৰ বাসিন্দা চেতন (১৯) আৰু কাঠৰিগুপেৰ নিৱাসী সাহিত্য এম (১৯)ৰ মাজত বিগত ৬ বছৰ ধৰি আছিল প্ৰেমৰ সম্পৰ্ক।

ৰামনগৰ জিলাৰ ডা০ বিষ্ণুবৰ্ধন ৰোডৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ বি.ইৰ প্ৰথম বৰ্ষৰ ছাত্ৰ চেতন। আনহাতে একেখন মহাবিদ্যালয়তে বি.কম অধ্যয়ন কৰি আছিল সাহিত্যই।

দুয়োজনে ইজনে আনজনৰ সৈতে জীৱন পাৰ কৰিব বিচাৰিছিল যদিও দুয়োৰে প্ৰেমৰ মাজত বাধা হৈ থিয় দিয়ে যুৱক-যুৱতীহালৰ পৰিয়াল।

যাৰ বাবে দুয়োজনে আত্মহত্যাৰ সিদ্ধান্ত লয়।

সেই অনুসৰি পুৱা দুয়োজনে ৰামনগৰৰ পৰ্যটন ক্ষেত্ৰ ৰামদেৱৰা বেট্টা হিলছলৈ গৈ পাহাৰৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলায়।

কিন্তু সৌভাগ্যক্ৰমে ২৫০ ফুট উচ্চতাৰ পৰা জঁপিয়াই দুয়োজনে জোপোহাৰ ওপৰত পৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যদিও প্ৰাণ ৰক্ষা পৰে।

ইফালে পাহাৰৰ ওপৰত এজন পৰ্যটকে যুৱক-যুৱতীহালৰ বেগ পৰি থকা প্ৰত্যক্ষ কৰি সন্দেহবশতঃ আৰক্ষীক খবৰ দিয়ে।

ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ প্ৰায় দুঘণ্টা প্ৰচেষ্টা চলাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চেতন আৰু সাহিত্যক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, ৰামদেৱৰা বেট্টা হিলছত কালজয়ী হিন্দী ছবি ‘শ্বোলে’ৰ লগতে কেইবাখনো ছবি আৰু মিউজিক ভিডিঅ’ৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।