৫ হেজাৰ টকাৰ ঘােচ লৈ ভিজিলেঞ্চৰ জালত পৰিল লাটমণ্ডল অচ্যুৎ দাস

নিউজ ডেস্ক। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঘােচখােৰ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান পূৰ্ণােদ্যমে চলি থকাৰ পিছতাে সহজ ধনৰ লােভ সামৰিব পৰা নাই একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰী।

এইবাৰ গুৱাহাটীত উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল আন এগৰাকী লাটমণ্ডল।

assam news

জানিব পৰা মতে, গুৱাহাটী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ লাটমণ্ডল অচ্যুত দাসক শনিবাৰে তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰ দলে মাটিৰ নামজাৰি কৰাৰ নামত উৎকোচ লওঁতে হাতে লোটে গ্ৰেপ্তাৰ কৰে।

প্ৰাপ্ত বাতৰি অনুসৰি, লাটমণ্ডল অচ্যুত দাসে মাটি নামজাৰি কৰাৰ বিনিময়ত এজন লােকৰ পৰা ৯ হেজাৰ টকা উৎকোচ দাবী কৰিছিল।

অৱশ্যে দৰদাম কৰি তেওঁ পিচত ৮ হেজাৰ টকাত মান্তি হৈছিল।

কিন্তু ভুক্তভোগী লোকজনে এই সন্দৰ্ভত দুর্নীতি নিবাৰক শাখাক অৱগত কৰাৰ লাটমণ্ডজনক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ জাল পাতে অভিযানকাৰী দলটােৱে।

সেই অনুসৰি, শনিবাৰে দুপৰীয়া ১ঃ৪੦ বজাত ভুক্তভােগীজনৰ পৰা উৎকোচৰ ৫ হেজাৰ টকা লওঁতে গ্ৰেপ্তাৰ হয় লাটমণ্ডলগৰাকী।

তেওঁৰ জিম্মাৰ পৰা অভিযানকাৰী দলে ৯,৫০০ টকা জব্দ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়কঃ মৰ্মান্তিক! পানীত পৰি দুই শিশুৰ মৃত্যুৰ শােকত ভাগি প্ৰাণত্যাগ মাতৃৰাে

assam news
assam news drowned

Leave a Comment