গান্ধী, নেহৰু, আইনষ্টাইনৰ চেল্ফি! AIৰ দৃষ্টিৰে চাওক প্ৰসিদ্ধ ব্যক্তিৰ কেইখনমান বিৰল ছবি…

নিউজ ডেস্কঃ বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত অগ্ৰগতিয়ে আজি সম্ভৱ কৰি তুলিছে বহু অসম্ভৱকো। কৃত্তিম বুদ্ধিমত্তাই আজি সহজ কৰি তুলিছে বিশ্ববাসীৰ জীৱন।

এই যুগত কিতাপ বা ইণ্টাৰনেটত সন্ধান কৰি তথ্য যুগুতাই লেখা এটা লিখাৰ প্ৰয়োজন নাই।

‘চাট জিপিটি’ৰ দৰে আৰ্টিফিচিয়েল ইণ্টালিজেন্সৰ সহায়ত মাত্ৰ কেই চেকেণ্ডমানৰ ভিতৰতে এতিয়া আপুনি লিখিব পাৰে যিকোনো বিষয়ৰ এটা তথ্য সমৃদ্ধ লেখা।

সেইদৰে তাহানিতে আপুনি উঠা ক’লা-বগা ফটো খনো আজি নিমিষতে ৰঙীন কৰি তুলিব পাৰে।

AIৰ এনে দ্ৰুত প্ৰচাৰ আৰু প্ৰসাৰৰ মাজতে সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে বিশ্বৰ কেইগৰাকীমান প্ৰসিদ্ধ ব্যক্তিৰ ছবি।

যদি মহাত্মা গান্ধী আৰু মাদাৰ টেৰেছাৰ দিনত চেল্ফি কেমেৰা থাকিলহেঁতেন, তেন্তে তেওঁলোকে চেল্ফি উঠিলে কেনেকুৱা দেখিলেহেঁতেন?

এই অবাস্তৱ কল্পনাকো সম্ভৱ কৰি তুলিছে বৰ্তমানৰ আৰ্টিফিচিলে ইণ্টালিজেন্সে।

জ্যো জন মুলুৰ নামৰ এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে তেনে কেইখনমান ফটোই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

এই ফটো সমূহত মহাত্মা গান্ধী, মাদাৰ টেৰেছা, এলবাৰ্ট আইনষ্টাইন, আব্ৰাহাম লিংকনৰ দৰে মহান ব্যক্তিয়ে চেলফি তুলি থকা দেখিবলৈ পোৱা গৈছে।

ছবিবোৰত আপুনি দেখিব পাৰিব যে গান্ধীজীয়ে কেনেকৈ হাঁহি হাঁহি চেলফি তুলিছে আৰু তেওঁৰ পিছফালে কিছুমান পুৰুষ-মহিলাও থিয় হৈ আছে।

ইয়াৰ বাহিৰেও দ্বিতীয়খন চেলফি মাদাৰ টেৰেছাৰ। এই ছবিখন দেখি আপুনি একেবাৰেই অনুভৱ নকৰিব যে ইয়াক আৰ্টিফিচিয়েল ইণ্টালিজেন্সৰ সহায়ত নিৰ্মাণ কৰা হৈছে।

তদুপৰি কাল্পনিক চেলফিত দেখিবলৈ পোৱা গৈছে আব্ৰাহাম লিংকন, আইনষ্টাইন আদিৰ দৰে কেইবাগৰাকীও প্ৰসিদ্ধ ব্যক্তিক।

আৰ্টিফিচিয়েল ইণ্টালিজেন্সৰ সহায়ত প্ৰস্তুত কৰা এই ছবিসমূহ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে নেট ব্যৱহাৰকাৰীয়ে আশ্বৰ্য প্ৰকাশ কৰিছে।