মৰ্মান্তিক! পানীত পৰি দুই শিশুৰ মৃত্যুৰ শােকত ভাগি প্ৰাণত্যাগ মাতৃৰাে

নিউজ ডেস্ক। এক হৃদয় বিদাৰক ঘটনা। নিজ কন্যাৰ লগতে পৰিয়ালৰে আন এটি শিশুৰ পানীত পৰি সলিল সমাধি ঘটনাৰ পিছতে এগৰাকী মাতৃয়ে শােক ভাগি পৰি প্ৰাণত্যাগ কৰা ঘটনাই গভীৰ শোকৰ ছাঁ পেলাইছে সৰ্থেবাৰীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বামুন্দি গাঁৱত।

জানিব পৰা মতে, ১৫ আগষ্টৰ দিনৰ ১২ মান বজাত গাঁওখনৰ বাসিন্দা নৃপেন ৰয়ৰ জীয়ৰী অৰ্পণা ৰয় (১০ বছৰ) আৰু জিতেন ৰয়ৰ জীয়ৰী সন্তান তনুসা ৰয় (৭ বছৰ) নামৰ দুটি শিশুৰ ঘৰৰ সমীপতে থকা পথৰ দাঁতিৰ গভীৰ নলাৰ পানীত পৰি সলিল সমাধি ঘটে।

assam news

এই ঘটনাত ভাগি পৰে অপৰ্ণা ৰয়ৰ মাতৃ কল্পনা ৰয় (৩০) ৰ লগতে পিতৃ নৃপেন ৰয়।

এই ঘটনাত দিকবিদিক হেৰুৱাই মাতৃ কল্পনা ৰয়ে খাবলৈ শুবলৈ এৰি পেলায়। স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটনাত বৃহস্পতিবাৰে মহিলাগৰাকীক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰােৱা হয় যদিও নিশা চিকিৎসাধীন অৱস্থাত মহিলাগৰাকীৰ হৃদক্রিয়া বন্ধ হৈ মৃত্যু হয়।

এটা পৰিয়াল এনেদৰে নিমিষতে থানবান হৈ পৰা ঘটনাত ম্ৰিয়মান হৈ পৰিছে বৃহত্তৰ অঞ্চলবাসী। অঞ্চলবাসীয়ে পৰিয়ালটিলৈ সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰ-জনপ্ৰতিনিধিলৈ আহ্বান জনাইছে।

Leave a Comment