সংঘৰ পৰা বহিস্কাৰ কৰা হোৱা নাই কৰিশ্মাক! তথাপিও তেওঁ ক’লে- মই ভৰিত ধৰি ক্ষমা খুজিম, কিন্তু…

নিউজ ডেস্কঃ নাগাৰা নামৰ পাঠিকা কৰিশ্মা আৰু সদৌ অসম নাগাৰা নাম সংঘৰ মাজৰ মত বৈষম্যৰ মাজতে এইবাৰ খবৰ ওলাল- সংঘৰ পৰা বহিস্কাৰ কৰা হৈছে কৰিশ্মা নাথক।

নাগাৰা নামত বিয়া গীতৰ সুৰ সন্নিৱিষ্ট কৰা কৰিশ্মা নাথে লোককৃষ্টি নাগাৰা নামক বিকৃত কৰাৰ অভিযোগ তুলি পূৰ্বে ক্ষমা খোজাৰ দাবী জনাইছিল সংঘই।

কিন্তু তাৰ পিছতো কৰিশ্মা নাথে ক্ষমা খুজিবলৈ অস্বীকাৰ কৰি উভতি ধৰি কৈছিল যে তেওঁ যদি নাগাৰা নামক বিকৃত কৰিছে, তেন্তে নাগাৰা নামত আধুনিক গীতৰ সুৰ সংযোজন কৰা শিল্পীসকলেও লোককৃষ্টিটোক বিকৃত কৰিছে।

সংঘ আৰু নতুনকৈ জনপ্ৰিয়তা অৰ্জন কৰা কৰিশ্মা নাথৰ মাজৰ এনে শীতল বিবাদৰ পিছতে দেওবাৰে খবৰ প্ৰচাৰ হয় যে নাগাৰা নাম সংঘই বহিস্কাৰ কৰিছে কৰিশ্মাক।

আনকি অন্য নাগাৰা নামৰ শিল্পীক কৰিশ্মাৰ সৈতে একেলগে নাম পৰিৱেশন কৰাটো বাধা প্ৰদান কৰে সংঘই।

সংঘক লৈ প্ৰকাশ পোৱা এই খবৰৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৰিশ্মা নাথে কয়, ‘মই লাগিলে ভৰি ধৰি হ’লেও ক্ষমা খুজিম। কিন্তু সংঘৰ সংবিধানখন মোৰ বাবে অকল কিয় হ’ব? বাকী সকলেও ক্ষমা খুজিব লাগিব।’

অৱশ্যে পৰৱৰ্তী সময়ত সংঘৰ সম্পাদক নিপন দত্তই স্পষ্ট কৰি দিয়ে যে কৰিশ্মা নাথক সংঘৰ পৰা বহিস্কাৰ কৰা হোৱা নাই। বৰং সংঘ তেওঁৰ পৰা আঁতৰিহে গৈছে।

যদি ৰাইজে কৰিশ্মাক নাম পৰিৱেশন কৰিবলৈ মাতে, তেন্তে সংঘৰ তাত কোনো আপত্তি নাই বুলিও স্পষ্ট কৰি দিয়ে নিপন দত্তই।