অকৃত্ৰিম স্নেহ! অসুস্থ পত্নীক হুইল চেয়াৰত লৈ পূজা উপভােগ স্বামীৰ…

নিউজ ডেস্ক। ৰাজ্যজুৰি দুৰ্গা পূজাৰ উলহ-মালহৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল এক বিশেষ দৃশ্য।

অসুস্থ পত্নীক হুইল চেয়াত উঠাই পদব্ৰজে পূজাথলীত উপস্থিত হ’ল এজন ককা।

এই দৃশ্য প্ৰত্যক্ষ কৰা হ’ল নগাঁও চহৰত।

পত্নী স্নেহৰ এক অনন্য নিদৰ্শন দেখুৱালে ককাই।

অসুস্থ পত্নীক ৰঙ-বিৰঙৰ বেলুন সংলগ্ন হুইল চেয়াৰত বহুৱাই এখনৰ পাছত আনখন পূজা উপভোগ কৰোৱালে স্বামীয়ে।

আইতাক দুৰ্গা পূজাৰ আনন্দ উৎসৱৰ পৰা বঞ্চিত হ’বলৈ নিদিলে ককাই।

নগাঁও চহৰৰ তেলীয়াপট্টিৰ এই দম্পতী ওলাই আহে মহা নৱমী উপভোগ কৰিবলৈ।

পূজা মণ্ডপত গৈ মাৰ আৰ্শীবাদ ল’লে বৃদ্ধ দম্পতীয়ে।

এই দৃশ্যই মহানৱমীত দৃষ্টি আকৰ্ষণ কৰে নগাঁও চহৰৰ বহু লোকৰ।