
অখিল গগৈ লাজ নথকা বিধায়ক, লোকৰ পিঠাৰে তেওঁ বিহু পাতেঃ সমালোচনাত সৰৱ ৰূপজ্যোতি কুৰ্মী
September 14, 2022নিউজ ডেস্কঃ ৰাইজৰ কাম কৰিব পাৰক বা নোৱাৰক, বিৰোধীক কিন্তু ভালকৈয়ে সমালোচনা কৰিব জানে অসমৰ শাসকীয় দলৰ নেতা-মন্ত্ৰী-বিধায়কে। কি পীযুষ হাজৰিকা, কি জয়ন্ত মল্ল বৰুৱা- বিৰোধীক হেয় প্ৰতিপন্ন কৰোৱাত সকলো পাকৈত। এইবাৰ এই একেই শাৰীতে থিয় দিছে সৌ সিদিনা কংগ্ৰেছৰ পৰা আহি গেৰুৱা বসন পৰিধান কৰা মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও।
শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল লাজ নথকা বিধায়ক বুলি কটাক্ষ কৰি এইবাৰ সংবাদ মাধ্যমৰ সন্মুখত সৰৱ হৈ পৰিল ৰূপজ্যোতি কুৰ্মী। অখিল গগৈয়ে লোকৰ পিঠাৰে বিহু পাতিব বিচাৰে বুলি উপলুঙা কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয় যে বিধানসভাত বাৰে বাৰে লজ্জিত হয় অখিল গগৈ। কিন্তু তাৰ পিছতো তেওঁৰ লাজ নালাগে।
শিৱসাগৰ সমষ্টিৰ বিধায়ক হৈও অখিল গগৈয়ে চেঙা সমষ্টিৰ বিষয়েহে মাত মাতে বুলি মন্তব্য কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে অখিল গগৈয়ে বিধানসভাৰ মজিয়াৰ পৰা সস্তীয়া ৰাজনীতি কৰিব বিচাৰে।
আনহাতে তেওঁক সমৰ্থন কৰা দল-সংগঠনসমূহ এতিয়া আঁতৰি যোৱাত অখিল গগৈৰ মতিভ্ৰম ঘটিছে বুলিও তীক্ষ্ণ সমালোচনাত সৰৱ হৈ পৰিল ৰূপজ্যোতি কুৰ্মী।
উল্লেখ্য যে, অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ তৃতীয় দিনটোতো বিধানসভাৰ মজিয়াত বিৰোধীয়ে উত্তপ্ত কৰি তোলে। বুধবাৰে বিধানসভাৰ প্ৰশ্নোত্তৰ কালত পৰিপূৰক প্ৰশ্ন কৰিব বিচৰাত অখিল গগৈক মাৰ্শ্বেল লগাই সদনৰ পৰা বাহিৰ কৰি দিয়া হয়।
ইয়াৰ পিছতে অধ্যক্ষই ভালদৰে পৰিপূৰক প্ৰশ্ন উত্থাপন কৰিব নিদিয়াৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে।