
অঘটন! পাহাৰৰ পৰা বশিষ্ঠ নৈত বাগৰিল বনভােজ দলৰ বাহন, বিবাহিত যুৱকৰ মৃত্যু
December 18, 2022নিউজ ডেস্ক। শীতৰ আগমনৰ লগে লগে প্ৰাণ পাই উঠিছে ৰাজ্যৰ বিভিন্ন বনভােজ স্থলীসমূহ। তাৰ মাজতে সংঘটিত হৈছে বহু অনাকাংক্ষিত ঘটনাও।
তেনে এক দুৰ্ঘটনা সংঘটিত হ’ল গুৱাহাটী মহানগৰীৰ বশিষ্ঠ মন্দিৰৰ সমীপত।
জানিব পৰা মতে, বনভােজ সমাপ্ত কৰি ওভতি অহাৰ পথত পাহাৰৰ ওপৰৰ পৰা বিশিষ্ঠ নৈত বাগৰি পৰে বনভোজ দলৰ এখন চাৰিচকীয়া বাহন।
বাহনখনৰ পঞ্জীয়ন নম্বৰ এ এছ-০১ ই টি-৯৯৭২।

এই দুৰ্ঘটনাত গাড়ীখনৰ আৰোহী ৰাজীৱ বৰুৱা (২৮) নামৰ যুৱকজনৰ মৃত্যু ঘটাৰ উপৰি আন ৫ জন লােক গুৰুতৰভাৱে আহত হয়।
মৃত ৰাজীৱ বৰুৱাৰ ঘৰ শিৱসাগৰত আৰু তেওঁ গুৱাহাটীৰ বেলতলাৰ মহাগাণনিকৰ কাৰ্যালয়ত কৰ্মৰত আছিল।
দুৰ্ঘটনাটোত আহত আন পাঁচজন আৰোহী হ’ল ক্ৰমে নিহত ৰাজীৱৰ পত্নী অংকিতা বৰকটকী, জিতুল ডেকা, মৌচম বৰা, মলয় দত্ত আৰু অপূৰ্ব দাস।
উল্লেখ্য যে তেওঁলােক শনিবাৰে পুৱা বশিষ্ঠ মন্দিৰৰ দাঁতিৰে মেঘালয়ৰ অৰুণগিৰিত বনভোজ খাবলৈ গৈছিল।
বনভোজ খাই পাহাৰীয়া পথেৰে উভতি আহোতে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন বহু উচ্চতাৰ পৰা বশিষ্ঠ নৈত বাগৰি পৰাৰ ফলতে এই শােকাৱহ দুৰ্ঘটনা সংঘটিত হয়।