অটােৰ খুন্দাত ন্যায়াধীশৰ মৃত্যু, CCTV ত বন্দী ৰহস্যজনক দুৰ্ঘটনাৰ দৃশ্য

নিউজ ডেস্ক। এক ৰহস্যজনক পথ দুৰ্ঘটনা।

প্ৰাতঃ ভ্ৰমণৰ সময়ত অটােৰ খুন্দাত মৃত্যু জিলা তথা সত্ৰ ন্যায়াধীশৰ।

এই ঘটনা ঝাৰখণ্ডৰ ধনবাদৰ।

নিহত ন্যায়াধীশজনক নাম উত্তম আনন্দ। তেওঁ হাজাৰীবাগত বাস কৰে। তেওঁ পিতৃ আৰু ভাতৃ হাজিৰাবাগ আদালতৰ অধিবক্তা।

এই ঘটনা প্ৰথমতে দুৰ্ঘটনা বুলি ধৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত চিচি টিভিৰ দৃশ্যৰ ভিত্তিত পােহৰলৈ আহে যে প্ৰকৃততে এই দুৰ্ঘটনাটাে সন্দেহজনক।

শাৰীৰিক অনুশীলনৰ বাবে পুৱা পথৰ কাষত গৈ থকা ন্যায়াধীশজনক এখন অটােৰ চালকে ইচ্ছাকৃতভাৱে খুন্দা মাৰি থৈ সেই ঠাইৰ পৰা পলায়ন কৰে।

আৰক্ষীয়ে বৰ্তমান এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। উচ্চ ন্যায়ালয়ে জিলা ন্যায়াধীশক এই ঘটনাৰ সম্পূৰ্ণ প্ৰতিবেদন তৎকালীনভাৱে দিবলৈ নিৰ্দেশ দিয়ে।

চিচি টিভিৰ দৃশ্যত দেখা অনুসৰি, ন্যায়াধীশজনে পুৱা নিজৰ বাসভৱনৰ পৰা গল্ফ গ্ৰাউণ্ডৰ দিশে দৌৰি গৈ আছিল।

দৃশ্যত দেখা অনুসৰি অটোৰিক্সাখন সঠিক পথতেই গৈ আছিল। কিন্তু ন্যায়াধীশজনৰ ওচৰ পাওঁতেই অটোৰিক্সাখন বেকা হৈ ন্যায়াধীশজনৰ কাষ চাপি যায় আৰু খুন্দা মাৰে। যদিহে অটোৰিক্সাখনে নিয়ন্ত্ৰণ হেৰুৱালেহেঁতেন, তেতিয়া পথৰ কাষৰ খুঁটাত খুন্দা মাৰিলেহেঁতেন। কিন্তু ন্যায়াধীশজনক খুন্দা মাৰি অটোৰিক্সাখন পুনৰ সঠিক পথেৰেই বেগত গুচি যায়।

ঘটনাৰ পিছতেই ন্যায়াধীশজনক চিকিৎসালয়লৈ নিয়া হয়। ঝাৰখণ্ডৰ স্বাস্থ্য মন্ত্ৰী তথা জিলা খনৰ অভিভাৱক মন্ত্ৰী বন্না গুপ্তাই জিলা প্ৰশাসনক ঘটনা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে ন্যায়াধীশ উত্তম আনন্দে ৬ মাহ পূৰ্বে এই আদালতত যোগদান কৰিছিল।

যোগদানৰ পিছতেই তেওঁ এক অপৰাধী চক্ৰৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল। সেই চক্ৰটোৱেই এই কাণ্ড কৰিছে বুলি বৰ্তমান সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু পৰিয়ালৰ লোকে।

পৰিয়ালৰ লােকে এই ঘটনাৰ চিবিআই তদন্তৰ দাবী উত্থাপন কৰিছে।

ইপিনে, এই ঘটনাৰ প্ৰসংগ উত্থাপিত হৈছল দেশৰ উচ্চতম ন্যায়ালয়তাে।

Leave a Comment