অতি সংকটজনক অৱস্থাত থকা মহিলাৰ বাবে এয়াৰ এম্বুলেন্সৰ ব্যৱস্থা চনু সুদৰ

নিউজ ডেস্ক। বিগত বৰ্ষৰ পৰা এতিয়ালৈকে আৰ্তজনক সহায় কৰি বাস্তৱৰ নায়ক হৈ পৰিছে বলিউড অভিনেতা চনু সুদ।

বিগত বৰ্ষৰ লকডাউনৰ সময়ত তেওঁ নি:স্বাৰ্থভাৱে সহায় কৰিছিল শ্ৰমিক সকলক। বিশেষ গাড়ী আৰু বাছেৰে শ্ৰমিক সকলক তেওঁ প্ৰেৰণ কৰিছিল ঘৰলৈ। বহুতো কৰ্মহীন লোকক তেওঁ প্ৰদান কৰিছিল সংস্থাপন। তেওঁ পৰিচিত হৈ পৰিছিল দুখীয়াৰ ভগৱান হিচাপে।

এতিয়াও ঠিক একেই। বিপদৰ সন্মুখীন হোৱা কোনোজনে যদি চনুক এটা খবৰ দিয়ে, তেন্তে তেওঁ লাভ কৰিব চনুৰ সহায়।

এইবাৰ পুনৰ প্ৰয়োজনীয় জনক সহায়ৰ বাবে আগবাঢ়ি আহিল চনু। অতি সংকটজনক অৱস্থাত থকা এগৰাকী ক’ভিড আক্ৰান্ত মহিলাক বিমানযোগে তেওঁ নাগপুৰৰ পৰা লৈ আনিলে হাইদৰাবাদলৈ।

জানিব পৰা মতে, ক’ভিড-১৯ত আক্ৰান্ত হােৱাৰ পাছত ভাৰতী নামৰ মহিলাগৰাকীয়ে কষ্ট অনুভৱ কৰিছিল শ্বাস প্ৰস্বাসত। তেওঁৰ হাওঁফাওঁ ৮০ শতাংশ হৈ পৰিছিল ক্ষতিগ্ৰস্ত। চিকিৎসকে জনোৱা অনুসৰি মহিলা গৰাকীৰ অতি জৰুৰী হৈছিল হাওঁফাওঁ সংৰােপনৰ। সেই কাম কৰিব পৰা হব কেৱল হাইদৰাবাদতহে।

চনুৱে কয়, “চিকিৎসকে মহিলা গৰাকীৰ জীৱন্তে থকাৰ আশা মাত্ৰ ২০ শতাংশহে আছিল বুলি জনায়। কিন্তু মই ভাৱো তেওঁক ৰাখিব পৰা যাব। ২৫ বছৰীয়া মহিলাগৰাকীৰ আছে এটি ৫ বছৰীয়া সন্তান। সেয়েহে বেছি নাভাবি তেওঁক এয়াৰ এম্বুলেন্সযোগে লৈ অনা হয় হাইদৰাবাদলৈ। তেওঁ বৰ্তমান এপল চিকিৎসালয়ত চিকিৎসাধীন।”

উল্লেখ্য যে, চনু নিজেও আক্ৰান্ত হৈছিল ক’ভিডত। কিন্তু ৬ দিন হ’ম কোৱাৰেণ্টাইনত থকাৰ পিছত চনু হয় ক’ভিড নিগেটিভ।

Leave a Comment