অনন্য নিদৰ্শন! বৈধব্য যন্ত্ৰণাৰ অৱসান ঘটাই গাঁৱৰ মহিলা সমাজে ৰঙীন সাজ পিন্ধালে দীপামণি বৰা ভূঞাক…

নিউজ ডেস্কঃ এগৰাকী বিধৱা মহিলাৰ গাৰ বগা সাজযোৰ খুলি ৰঙীন সাজ পিন্ধাই সমাজ সংস্কাৰৰ বাট দেখুৱালে এখন গাঁৱৰ এখন সমাজে।

কলিয়াবৰৰ মাজ-পূৱথৰীয়া গাঁৱৰ মহিলা সমাজে দেখুওৱা এই অনন্য নিদৰ্শনে এতিয়া ৰাজ্যজুৰি প্ৰশংসা লাভ কৰাৰ লগতে অনেক জনে সমাজখনৰ কাৰ্যৰ শলাগ লৈছে।

দৰাচলতে কৰ্মসূত্ৰে গুৱাহাটীৰ বাসিন্দা মাজ-পূৱথৰীয়া গাঁৱৰ দীপামণি বৰা ভূঞাৰ স্বামীৰ কিছুদিন পূৰ্বে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল।

স্বামীৰ মৃত্যুৰ পিছতে অইন মহিলাৰ দৰেই বৈধব্য জীৱন আঁকোৱালি লৈছিল দীপামণি বৰা ভূঞাইও।

কিন্তু স্বামীৰ শ্ৰাদ্ধৰ ১২ দিনৰ দিনা মহিলাগৰাকীক বৈধব্যৰ বান্ধোনৰ পৰা যেন মুক্ত কৰে গাঁওখনৰ মহিলা সমাজে।

গাঁওখনৰ মহিলা সমাজে দীপামণি বৰা ভূঞাক বগা সাজযোৰৰ ঠাইত পুনৰ ৰঙীন সাজ পিন্ধাই আকৌ স্বাধীন জীৱন প্ৰদান কৰে।

উল্লেখ্য যে, দীপামণি বৰা ভূঞা এগৰাকী লেখিকা, চিত্ৰনাট্যকাৰ আৰু সাংস্কৃতিক কৰ্মী হিচাপে সুপৰিত।

দীপামণি বৰা ভূঞাৰ দ্বাৰা পৰিচালিত, প্ৰযোজিত কেইবাখনো ধাৰাবাহিক, তথ্য চিত্ৰ আৰু চুটি ছবি গুৱাহাটী দূৰদৰ্শন আৰু দিল্লীৰ কৃষাণ চেনেলত ইতিমধ্যে সম্প্ৰচাৰ হৈছে।