অন্তঃসত্বা পত্নীক এৰি কৰ্মস্থলী ৰঙিয়ালৈ উভতিছিল অজিত, ৰে’ল দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ

অন্তঃসত্বা পত্নীৰ অসুস্থতাৰ খবৰ শুনিয়েই ঘৰলৈ দৌৰি গৈছিল অজিত প্ৰসাদ। কিছুদিন ঘৰতে পত্নীৰ ওচৰত থাকি অলপ সুস্থ হোৱাত পুনৰ উভটিছিল কৰ্মস্থলীলৈ। কিন্তু কোনে জানিছিল নিয়তিৰ পৰিহাসৰ কথা!

সন্তানৰ মুখ দেখাৰ আকুণ্ঠ হেঁপাহ বুকুৰ মাজত লৈয়ে চিৰদিনলৈ গুচি যাবলগীয়া হল আছানচোলৰ অজিত প্ৰসাদ!

photo-2022-01-16-12-00-40

এগৰাকী ৰে’ল কৰ্মী আছিল অজিত। তেওঁৰ কৰ্মস্থলী আছিল ৰঙিয়া ৰে’ল সংমণ্ডলৰ অন্তৰ্গত হেলেম ষ্টেচন।

মাত্ৰ ৮ মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা অজিতৰ পত্নী এতিয়া ৫ মহীয়া গৰ্ভৱতী।

কিছুদিন পূৰ্বে অন্তঃসত্বা পত্নী অসুস্থ হৈ আছানচোল ৰে’লৱে চিকিৎসালয়ত ভৰ্তি হয়। এই খবৰ শুনিয়েই উছপিচাই উঠে অজিত প্ৰসাদৰ মন। ছুটি লৈ তেওঁ পত্নীৰ ওচৰলৈ দৌৰি যায়।

5

পত্নী কিছু সুস্থ হোৱাত কৰ্তব্যৰ খাতিৰত পুনৰ কৰ্মস্থলীলৈ উভতি আহে অজিত। কিন্তু উভতি অহাৰ পথতে সংঘটিত হয় সেই কৰুণ ঘটনা। পশ্চিমবংগৰ আলিপুৰদুৱাৰত সংঘটিত ৰে’ল দুৰ্ঘটনাত মৃত্যু ঘটে অজিতৰো।

পৰিয়ালৰ এজন সদস্যৰ মতে, অজিতে অন্তিমবাৰ ফোনত জনাইছিল কিষাণগঞ্জৰ পৰা ৰে’ল সলনি কৰাৰ কথা। কিন্তু কোনেও কল্পনাই কৰিব পৰা নাছিল যে বিভীষিকা নমাই অনা সেই ৰে’লখনেই অজিত প্ৰসাদৰো প্ৰাণ কাঢ়ি নিব।

আনকি বিকানেৰ-গুৱাহাটী ৰে’লখনৰ দুৰ্ঘটনাৰ খবৰ শুনিও নিচিন্ত মনে আছিল পৰিয়ালটো। কিন্তু অজিতলৈ বাৰম্বাৰ কল কৰাৰ পিছতো যেতিয়া তেওঁ ফোন ৰিছিভ কৰা নাছিল, তেতিয়াহে সকলোৰে মন চেবাই গৈছিল এখন্তেকৰ বাবে!

271975868-1513555659023066-2423923166313076107-n

অজিতৰ ভাতৃ ৰোহিতে কয়, “অলপ সময়ৰ পিছত মই আৰু কোনো খবৰ পোৱা নাছিলো। শিলিগুৰিৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সৈতে যোগাযোগ কৰা হৈছিল। স্বেচ্ছাসেৱী সংগঠনটোৱে দুৰ্ঘটনাস্থলীত প্ৰশাসনৰ সৈতে মিলি দুৰ্ঘটনাগ্ৰস্তৰ উদ্ধাৰ অভিযান চলাই আছিল। সেই সংগঠনটোৰে এজন সদস্য হৈছে ৰিলিফ ট্ৰেইনখনৰ এজন লোকো পাইলট। তেওঁ ৰে’লকৰ্মী অজিত প্ৰসাদক বিচাৰিবলৈ আৰম্ভ কৰিছিল।”

স্বশ্বাসেৱী সংগঠনটোৰ এজন সদস্য বীচ পালে কয়, “অনেক বিচাৰ-খোচাৰ কৰাৰ পিছত জলপাইগুৰি চিকিৎসালয়ৰ শৱগৃহত উদ্ধাৰ হয় অজিত প্ৰসাদৰ নিথৰ দেহ। দুৰ্ঘটনাত নিহত আন আন সকলৰ সৈতে শৱগৃহত যেন শুই আছিল অজিতেও। তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত আছানচোলত খবৰ দিয়া হয়।”

G71

ইফালে অজিতৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে শোকত ভাগি পৰে গৰ্ভৱতী পত্নী আৰু পৰিয়ালৰ আন সদস্য সকল। কোনেও যেন সেই খবৰ বিশ্বাসেই কৰিব পৰা নাছিল!

কিন্তু নিয়তিৰ এই ৰূঢ় বাস্তৱ যেন সকলোৱে মানি ল’বলৈ বাধ্য! মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত আছানচোলৰ বাসগৃহলৈ অনা হয় অজিত প্ৰসাদৰ নশ্বৰ দেহ। আৰু তাতেই শনিবাৰে সম্পন্ন হয় শেষকৃত্য!

গৰ্ভৱতী পত্নীৰ ওচৰৰ পৰা বুকুত অলেখ সপোন লৈ কৰ্মস্থলীলৈ উভতি অহা এগৰাকী ৰে’লকৰ্মীৰ জীৱন কাহিনীৰ এনেদৰেই ঘটে কৰুণ সমাপ্তি।

লগতে চাওকঃ

পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে ভাৰতীয় সেনাৰ জোৱান মিন্টু গগৈয়ে

G2

Leave a Comment