অন্তঃসত্বা পত্নীসহ বহিঃৰাজ্যত কৰ্মৰত অসমৰ দম্পতীৰ ৰহস্যজনক মৃত্যু, হত্যাৰ সন্দেহ

অন্তঃসত্বা পত্নীসহ বহিঃৰাজ্যত কৰ্মৰত অসমৰ দম্পতীৰ ৰহস্যজনক মৃত্যু, হত্যাৰ সন্দেহ

September 5, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ বহিঃৰাজ্যত অসমৰ শ্ৰমিক দম্পতীৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। অৰুণাচল প্ৰদেশৰ টুটিঙত কৰ্মৰত এহাল শ্ৰমিক দম্পতীৰ মৃতদেহ উদ্ধাৰ হয় ৪ ছেপ্টেম্বৰৰ নিশা। দম্পতীহালক কোনো দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।

জানিব পৰা মতে, চিৰাং জিলাৰ পানবাৰীৰ নিজ-দামুগাঁৱৰ ফাৰুক আলী আৰু তেওঁৰ পত্নী নুৰেজা খাতুনে অৰুণাচল প্ৰদেশৰ টুটিং জিলাত শ্ৰমিক হিচাপে কৰ্মৰত আছিল।

ফাৰুল আলীৰ এগৰাকী সম্পৰ্কীয় ভাতৃয়ে জানিবলৈ দিয়া মতে, ৪ ছেপ্টেম্বৰৰ নিশা প্ৰায় ১২ বজাত ফাৰুক আলীয়ে তেওঁলৈ ফোন কৰিছিল আৰু ঘৰত অচিনাক্ত দুৰ্বৃত্তই প্ৰৱেশ কৰি মাৰপিট কৰা বুলি জনাইছিল।

ইয়াৰ পিছতে ফাৰুকৰ পৰিয়ালৰ লোকে আতংকিত হৈ আৰক্ষীৰ সৈতে যোগাযোগ কৰাত আৰক্ষীয়ে পৰৱৰ্তী সময়ত ফাৰুক আলী আৰু তেওঁৰ পত্নী নুৰেজা খাতুনক মৃত অৱস্থাত উদ্ধাৰ কৰে। জানিব পৰা মতে, মৃত্যুৰ সময়ত অন্তঃসত্বা আছিল নুৰেজা খাতুন।

ইফালে বহিঃৰাজ্যত দম্পতীহালৰ মৃত্যুৰ তদন্ত দাবী কৰিছে পৰিয়ালে। দুয়োজনৰে মৃতদেহ অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ অৰুণাচল প্ৰদেশ আৰু অসম চৰকাৰৰ ওচৰত দাবী জনাইছে পৰিয়ালটোৱে। লগতে পৰিয়ালটোক এককালীন ক্ষতিপূৰণ প্ৰদানৰো দাবী উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে।