অন্য ৰূপত আৰক্ষী! গৃহহীন বৃদ্ধাক নিজেই আহাৰ খুৱালে আৰক্ষী বিষয়াই, সামাজিক মাধ্যমত উচ্চ প্ৰশংসা

নিউজ ডেস্ক। দৰিদ্ৰ, আশ্ৰয়হীন জনক সহায় কৰাটো যেন প্ৰত্যেকৰে একো একোটা দায়িত্ব।

ইয়াৰোপৰি ই এক মানৱীয়তাৰ নিদৰ্শন।

এইবাৰ তেনে এক নিদৰ্শন দাঙি ধৰিলে জন সেৱাৰ বাবে ২৪ ঘন্টাই অহৰ্নিশে অতন্দ্র প্রহৰি ৰূপে থকা এজন আৰক্ষী বিষয়াই।

আৰক্ষীৰ পোছাকৰ আঁৰত যেন আছে এজন এজন হৃদয়বান লোক। তেনে এজন আৰক্ষী বিষয়াৰ দৃশ্য বৰ্তমান সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল।

দৃশ্যটোত দেখা অনুসৰি, এজন আৰক্ষী বিষয়াই এগৰাকী গৃহহীন বৃদ্ধ মহিলাক নিজেই খুৱাইছে আহাৰ।

পৰম তৃপ্তিৰে সেই আহাৰ গ্ৰহণ কৰিছে বৃদ্ধা গৰাকীয়ে। যিটো দৃশ্যই চুই গৈছে সকলোৰে অন্তৰ।

এই দৃশ্য টুইটাৰত শ্বেয়াৰ কৰে ৰিংকু হুদা নামৰ এজন ব্যৱহাৰকাৰীয়ে।

তেওঁ কেপচনত লিখে- “আৰক্ষীৰ এটা এনেকুৱা চেহেৰাও থাকে। চেল্যুত।”

তাৰ পিছতেই এই দৃশ্য ব্যাপকভাৱে ভাইৰেল হৈ পৰে সামাজিক মাধ্যম সমূহত। বহুতেই ভিন্ন মন্তব্যৰে প্ৰশংসা কৰে আৰক্ষী বিষয়াজনক।

Leave a Comment