অন কেমেৰা ‘গােবৰ’ ভক্ষণ কৰি ইয়াৰ উপকাৰিতা সন্দৰ্ভত ব্যাখ্যা ‘MBBS’ চিকিৎসকৰ

অন কেমেৰা ‘গােবৰ’ ভক্ষণ কৰি ইয়াৰ উপকাৰিতা সন্দৰ্ভত ব্যাখ্যা ‘MBBS’ চিকিৎসকৰ

November 18, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এইবাৰ সভা-সমিতিত ভাষণ দি গাে-মূত্ৰ বা গােবৰৰ মানৱ শৰীৰৰ প্ৰতি থকা ‘উপকাৰিতা’ সন্দৰ্ভত ব্যাখ্যা কৰাৰ সলনি নিজেই গােবৰ ভক্ষণ কৰিলে এগৰাকী চিকিৎসকে।

সামাজিক মাধ্যমত ভাইৰেল হােৱা এনে এটা ভিডিঅ’ গােবৰ ভক্ষণ কৰা এল’পেথি চিকিৎসকজন গােবৰৰ লগতে গাে মূত্ৰ তথা গৰুৰ গাখীৰ খােৱাৰ বিভিন্ন লাভৰ বিষয়েও সবিশেষ প্ৰকাশ কৰিলে।

সম্প্ৰতি সামাজিক মাধ্যমত খলকনি তুলিছে এটা ভিডিঅ’ই।

Ebgdtu-QWk-AAs-Lhh

ডাঃ মনােজ মিট্টাল

এই চিকিৎসকজনৰ নাম ডাঃ মনােজ মিত্তাল। তেওঁ হাৰিয়ানৰ কৰ্ণালৰ বাসিন্দা।

ভাইৰেল হােৱা ভিডিঅ’টাত ডাঃ মনোজ মিত্তালে প্ৰকাশ কৰা অনুসৰি, তেওঁ যোৱা কেইবা বছৰ ধৰি গো মূত্ৰ আৰু গোবৰ খাই আহিছে।

ডাঃ মনোজ মিত্তাল কৰ্ণালৰ এজন শিশু বিশেষজ্ঞ চিকিৎসক আৰু কৰ্ণালত তেওঁৰ নিজা চিকিৎসালয় আছে।

ডাঃ মনোজ মিত্তালে দাবী কৰে যে গোবৰত যথেষ্ট ভিটামিন বি-১২ থাকে। যি আমাক বিকিৰণৰ পৰা সুৰক্ষিত কৰে।

চাওক সেই ভাইৰেল হােৱা ভিডিঅ’টােঃ

ডাঃ মনোজে কয় যে ম’বাইল, এচি, ফ্ৰিজৰ পৰা হােৱা বিকিৰণৰ প্ৰভাৱ হ্ৰাস কৰে গােবৰে।

যদি এগৰাকী গৰ্ভৱতী মহিলাই প্ৰসৱৰ সময়ত গোবৰৰ ৰস গ্ৰহণ কৰে, স্বাভাৱিকভাৱে সন্তান প্ৰসৱৰ সম্ভাৱনা বৃদ্ধি হয়।

গোবৰৰ পৰা বহুতো ৰোগ আৰোগ্য কৰা বুলিও তেওঁ দাবী কৰে।

তেওঁৰ এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই বহুতো সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীয়ে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰদান কৰিছে।

বহুলোকে ডাঃ মনোজ মিত্তালৰ ডিগ্ৰী সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে আৰু বহুতে ডাঃ মিত্তালৰ সৈতে সহমত পোষণ কৰিছে।