অফাৰ! নীৰজ আৰু সিন্ধু নামৰ ব্যক্তিলৈ বিনামূলীয়া তেল প্ৰদানৰ ঘােষণা এটা পেট্ৰ’ল পাম্পৰ

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰা আৰু ব্ৰঞ্জ বিজয়ী পি ভি সিন্ধুলৈ শুভেচ্ছা জনায় বিশেষ পদক্ষেপ লৈছে এটা পেট্ৰল পাম্পে।

নীৰজ আৰু সিন্ধু নামৰ গ্ৰাহকে সেই পাম্পটোত লাভ কৰিব বিনামূলীয়া পেট্ৰল। এই অফাৰ আগবঢ়াইছে তামিলনাডুৰ কাৰোৰ জিলাৰ তিৰুমানিলাইয়ুৰ গাৱঁৰ এটা পেট্ৰল পাম্পে।

এই কথা ঘোষণা কৰি পেট্ৰল পাম্পটোৰ মালিক তথা প্ৰাক্তন বিধায়ক এ আৰ মালাইয়াপ্পাসামীয়ে কয়, এই পদক্ষেপ বুধবাৰে লোৱা হৈছে আৰু এই সেৱা শুকুৰবাৰলৈকে অব্যাহত থাকিব।

তেওঁ কয়, “নীৰজ চোপ্ৰাই এক দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিও জেভলিনত স্বৰ্ণ পদক লাভ কৰি দেশলৈ কীৰ্তি কঢ়িয়াই আনিলে। সেয়েহে তেওঁক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে আমি নীৰজ নামৰ লোকক দুই লিটাৰকৈ বিনামূলীয়া পেট্ৰল দিয়াৰ সিদ্ধান্ত লৈছো। আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা সিন্ধু নামৰ লোকলৈ বিনামূলীয়াকৈ এক লিটাৰ পেট্ৰল দিয়াৰ সিদ্ধান্ত লৈছো। এতিয়ালৈকে নীৰজ নামৰ কেৱল তিনিজন গ্ৰাহকেহে আমাৰ পাম্পৰ পৰা তেল লৈছে। কাৰণ ই এক সাধাৰণ নাম। কিন্তু তামিলনাডুত সিন্ধু অতি উমৈহতীয়া নাম, সেয়েহে মই ভাবিছো বহুতো লোক তেল ভৰাবলৈ আহিব। এই সুবিধা লাভ কৰিবলৈ সকলোৱে নিজৰ আধাৰ কাৰ্ড প্ৰদৰ্শন কৰিব লাগিব।”

এ আৰ মালাইয়াপ্পাসামীয়ে এখন শিক্ষানুষ্ঠানৰো স্বত্বাধিকাৰী। তেওঁ দৰিদ্ৰ তথা পিছপৰা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পঢ়াৰ সুবিধা প্ৰদান কৰে। তেওঁ উঠি অহা প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি মনোযোগ আকৰ্ষণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে গুজৰাটৰ এটা পেট্ৰল পাম্পেও নীৰজ নামৰ লোকলৈ বিনামূলীয়া ইন্ধন আগবঢ়াইছিল।

Leave a Comment