অভিনেতা চনু সুদে অসমৰ ৰাজুক দিলে দুখন ‘হাত’!

নিউজ ডেস্ক। বলিউডৰ অভিনেতা চনু সুদৰ মহানুভৱতা!

দুখন হাত নথকা অসমৰ এজন লােকক প্ৰদান কৰিলে দুখন হাত।

উল্লেখ্য যে চনু সুদৰ মুম্বাইস্থিত বাসভৱনত অভিনেতাজনৰ পৰা সহায় বিচাৰি উপস্থিত হৈছিল অসমৰ ৰাজু আলী নামৰ লােকজন।

চনু সুদৰ মুম্বাইস্থিত বাসভৱনত ৰাজু আলী

অভিনেতাজনক সাক্ষাৎ কৰাৰ পিছতে ৰাজু আলীক দুখন কৃত্ৰিম হাত সংৰােপণ কৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে চনু সুদে।

কথা মতেই কাম! প্ৰতি প্ৰদানৰ ৩ দিন পিছতে দুখন কৃত্ৰিম হাত লাভ কৰে ৰাজুৱে।

দুখন কৃত্ৰিম হাত লাভ কৰাৰ পিছত ৰাজু আলী

ৰাজু আলীৰ ফটােৰ সৈতে চনু সুদে টুই কৰে, ‘কােনে কয় ৰাজু আলীৰ হাত নাই?’

উল্লেখ্য যে ক’ভিড কালত আৰ্তজনৰ কাষত থিয় দিয়া চনু চুদে পৰৱৰ্তী সময়তাে তেওঁৰ সহায় বিচৰা লােকক সহায় কৰাত কুন্ঠাবােধ কৰা নাই।

নিতৌ অভিনেতাজনৰ সহায় বিচাৰি তেওঁ বাসভৱনত শ শ লােক উপস্থিত হােৱাৰ উপৰি সামাজিক মাধ্যমৰ জৰিয়তেও বিভিন্নজনে সহায় হাত বিচাৰি যােগাযােগ কৰে।

তেনে লােকসকললৈ যথাসম্ভৱ সহায় আগবঢ়ায় অভিনেতা চনু সুদে।

লগতে চাওকঃ

শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি হাঁহিৰ গহনা পিন্ধি মেধাৰ বলত JNUত নামভৰ্তি মঙলদৈৰ ৰূপশিখা নাথৰ…