নিউজ ডেস্ক। ৰাজ্যত বানৰ সংহাৰৰ মাজতে নিশা কামপুৰত সংঘটিত হল অঘটন।
বানৰ মাজত আবদ্ধ লােকক উদ্ধাৰ কৰিবলৈ গৈ বানত উটি গ’ল কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু এগৰাকী কনিষ্টবল।
জানিব পৰা মতে, দেওবাৰে নিশা কােনাে লােক বানত আবদ্ধ হৈ থকা বুলি খবৰ লাভ কৰি কামপুৰ আৰক্ষী থানাৰ অচি সমুজ্জ্বল কাকতিৰ নেতৃত্বত অভিযান চলাইছিল তিনিজনীয়া আৰক্ষীৰ দলে।
তেওঁলোকে বানৰ মাজেৰে গৈ থকা সময়তে হঠাৎ বাঢ়নী পানীৰ সোঁতত উটি যায় কনিষ্টবল ৰাজীৱ বৰদলৈ।
তাৰ পিছতে কনিষ্টবল গৰাকীক বচাবলৈ অচি সমুজ্জ্বল কাকতিয়েও সাতুৰিবলৈ চেষ্টা কৰে যদিও তেৱোঁ উটি যায়।
ইফালে এই ঘটনাত কোনোমতে প্ৰাণ ৰক্ষা পৰে ৰঞ্জিত বৰা নামৰ কনিষ্টবল গৰাকীৰ।
সোমবাৰে পুৱা এছডিআৰএফ বাহিনীয়ে অভিযান চলাই আৰক্ষী বিষয়া সমুজ্জ্বল কাকতি আৰু কনিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
There is a risk to life of a Police man’s job- we all know. And yet, it’s very tough to accept death of a colleague, especially in the line of duty.
— DGP Assam (@DGPAssamPolice) June 20, 2022
I call upon everyone to remember the names of OC SI Samutjal Kakati and UBC Rajiv Bordoloi, and keep these names in their prayers. pic.twitter.com/KHRolL3HOi
এই ঘটনাই সমগ্ৰ কামপুৰত শোকৰ সৃষ্টি কৰাৰ লগতে কনিষ্টবল ৰাজীৱ বৰদলৈ আৰু অচি সমুজ্জ্বল কাকতিৰ পৰিয়ালত নমাই আনিছে শোকাকূল পৰিবেশৰ।
অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাৰস্কজ্যােতি মহন্তই এই ঘটনাত গভীৰ শােক প্ৰকাশ কৰিছে।
কামপুৰত বাঢ়নী পানীত উটি যোৱা কনিষ্টবল ৰাজীৱ বৰদলৈৰ ঘৰত কান্দোনৰ ৰোল উঠিছে।
1 thought on “বন্যাৰ্তক উদ্ধাৰ কৰিবলৈ গৈ বানত উটি গল কামপুৰ থানাৰ OC আৰু কনিষ্টবল”
Comments are closed.