অভ্যাস সলনি নহয় ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ! এইবাৰ হাতে-লোটে কৰায়ত্ব লাট মণ্ডল ৰঞ্জিত মহন্ত

অভ্যাস সলনি নহয় ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ! এইবাৰ হাতে-লোটে কৰায়ত্ব লাট মণ্ডল ৰঞ্জিত মহন্ত

September 23, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ঘোচ লৈ যিমানেই চৰকাৰী বিষয়া-কৰ্মচাৰী জালত নপৰিলেও নেগুৰ চিধা নহয় একাংশ দুৰ্নীতিগ্ৰস্তৰ। চৰকাৰৰ পৰা মোটা অংকৰ দৰমহা লাভ কৰিও অধিক উপাৰ্জনৰ লোভ সামৰিব নোৱাৰি এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আন এজন ঘোচখোৰ চৰকাৰী বিষয়া।

এইবাৰ নগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে এজন ঘোচখোৰ দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীক।

ধৃত কৰ্মচাৰীজন হৈছে ৰঞ্জিত মহন্ত। নগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল আছিল ঘোচখোৰ ৰঞ্জিত মহন্ত।

মাটি নামজাৰি কৰাৰ বাবদ ধন লৈ হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে লাট মণ্ডল ৰঞ্জিত মহন্ত।