অলিম্পিকত পদক জয়ী পি ভি সিন্ধুৱে আৰম্ভ কৰিব প্ৰশিক্ষণ একাডেমী

নিউজ ডেষ্ক l টকিঅ’ অলিম্পিকত ব্ৰঞ্জ পদক বিজয়ী পি ভি সিন্ধুৱে আৰম্ভ কৰিব প্ৰশিক্ষণ একাডেমী। মূলতঃ যুৱ প্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰত আগুৱাই নিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে খেলুৱৈ গৰাকীয়ে।

ভাৰতীয় বেডমিণ্টন খেলুৱৈ গৰাকীয়ে অনুভৱ কৰে যে ক্ৰীড়াত অংশগ্ৰহণৰ ক্ষেত্ৰত দেশৰ যুৱ প্ৰজন্ম পিছ পৰি আছে। সেই উদ্দেশ্যেৰে তেওঁ বিশাখাপত্তনমত এখন প্ৰশিক্ষণ একাডেমী আৰম্ভ কৰিব।

শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ তিৰুমালা মন্দিৰত প্ৰাৰ্থনা কৰাৰ পিছত সিন্ধুৱে এই সন্দৰ্ভত কয়, “মই ৰাজ্য চৰকাৰৰ সমৰ্থনত যুৱ প্ৰজন্মৰ বাবে অতি সোনকালেই বিশাখাপত্তনমত এখন প্ৰশিক্ষণ একাডেমী আৰম্ভ কৰিম। বহুতো যুৱক-যুৱতীয়ে খেলত পিছ পৰি আছে। কিয়নো তেওঁলোকৰ সঠিক দিক দৰ্শন কৰাওঁতা তথা উৎসাহ দিওঁতা নাই।”

উল্লেখ্য যে এই মাহৰ আৰম্ভণিতে বেডমিণ্টন খেলুৱৈগৰাকীয়ে দুটা অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপে খ্যাতি অৰ্জন কৰে। তেওঁ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদকৰ খেলখনত চীনৰ হি বিং জিয়াওক পৰাস্ত কৰিছিল।

সিন্ধুৱে স্পষ্ট কৰি দিয়ে যে তেওঁ অতীতৰ সন্মানৰ কথা ভাবি জিৰণি নল’ব আৰু ২০২৪ চনৰ পেৰিছ অলিম্পিকত তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিব বিচাৰে। তেওঁ কয় যে তেওঁ নিজৰ ধৰণে উপভোগ কৰি আছে আৰু নিজকে আৰু উন্নত কৰিব বিচাৰে।

তেওঁ কয়, “মই নিশ্চিতভাৱে পেৰিছ ২০২৪ অলিম্পিক খেলিম আৰু মোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিম আৰু ১০০ শতাংশ খেলিম। আমাৰ ওচৰত যথেষ্ট সময় আছে। বৰ্তমান, মই এই মুহূৰ্তটো চিন্তা কৰি আছো আৰু তাৰ বাবে যত্ন কৰি আছো।”

সিন্ধুৱে এইটোও কয় যে তেওঁ প্ৰশিক্ষণ লোৱা প্ৰতিজন প্ৰশিক্ষকৰ পৰা যথেষ্ট শিকিছে আৰু প্ৰতিটো দিনত তেওঁৰ প্ৰদৰ্শন উন্নত কৰাত সহায় কৰাৰ বাবে তেওঁলোক সকলোৰে প্ৰতি তেওঁ কৃতজ্ঞ।

Leave a Comment