নিউজ ডেস্ক। শেহতীয়াকৈ অসমৰ শিক্ষাখণ্ডৰ অৱস্থাক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰৰ যুঁজ ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে।
নিতৌ ইজনে-সিজনক লক্ষ্য কৰি টুইটৰ জৰিয়তে বিভিন্ন বিষয় উত্থাপন কৰিছে।

শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীৰ এটা টুইটৰ প্ৰত্যুত্তৰ দিবলৈ গৈ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি কয় যে অসমৰ যেতিয়া ‘আপ’ৰ চৰকাৰ গঠন হ’ব, তেতিয়া দিল্লীৰ দৰেই অসমৰাে উন্নয়ন কৰিব।
দুৰ্নীতি শেষ হ’লে অসমতাে সম্পদৰ কােনাে অভাৱ নঘটে বুলি কয় কেজৰিৱালে।
यक़ीन मानिए, जब असम में “आप” की सरकार बनेगी तो वहाँ भी दिल्ली जैसा विकास करेंगे। भ्रष्टाचार खतम करेंगे तो वहाँ भी संसाधनों की कमी नहीं होगी। https://t.co/De1TpHyEfn
— Arvind Kejriwal (@ArvindKejriwal) August 28, 2022
এই টুইট সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীক সাংবাদিকে সােধা প্ৰশ্ন সন্দৰ্ভত তেওঁ কয় যে অসমত ‘আপ’ৰ চৰকাৰ হ’ব, কিন্তু ১ হাজাৰ বছৰ পিছত, অৰ্থাৎ ২੦২২ চনত।