অসমলৈ অব্যাহত ৰােহিংগীয়াৰ প্ৰব্ৰজন! পুনৰ ৰে’ল ষ্টেচনত আটক ৬ যুৱতীসহ ৭ ৰােহিংগীয়া

অসমলৈ অব্যাহত ৰােহিংগীয়াৰ প্ৰব্ৰজন! পুনৰ ৰে’ল ষ্টেচনত আটক ৬ যুৱতীসহ ৭ ৰােহিংগীয়া

August 24, 2022 Off By NEWS DESK

নিউজ ডেস্ক। অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যলৈ অব্যাহত আছে ম্যানমাৰৰ ৰােহিংগীয়া মুছলমানৰ প্ৰব্ৰজনৰ ঘটনা।

৩ দিন পূৰ্বে কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰে’ল ষ্টেচনত দুজন ৰােহিংগীয়া যুৱকক আটক হােৱাৰ পাছত একেখন ৰে’ল ষ্টেচনত পুনৰ আটক হ’ল ৭ জনকৈ ৰােহিংগীয়া।

ইয়াৰে ৬ গৰাকী যুৱতী আৰু এজন যুৱক।

জানিব পৰা মতে, বাংলাদেশ হৈ ত্ৰিপুৰাত প্ৰৱেশ কৰাৰ পিছতে আগৰতলাৰ পৰা ৰে’লযােগে শিলচৰলৈ যাত্ৰা কৰিছিল এইসকল ৰােহিংগীয়াই।

তেনে সময়তে বদৰপুৰ ৰে’ল ষ্টেচনত আৰ পি এফৰ অভিযানত আটক হয় ৬ যুৱতী আৰু এজন যুৱক ৰােহিংগীয়া।

জানিব পৰা মতে, বদৰপুৰ ৰেলৱে ষ্টেচনত 15663 UP আগৰতলা-শিলচৰ এক্সপ্ৰেছৰ ৰেল নং 15663 ৰ পৰা ৰােহিংগীয়া কেইজনক আটক কৰা হয়।

ইয়াৰ পিছতে পৰৱৰ্তী বিভাগীয় নীতি-নিয়ম অনুসৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰে’ল আৰক্ষীয়ে।