অসমৰ এইখন প্ৰতিবেশী ৰাজ্যত বাতিল হ’ল দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

অসমৰ এইখন প্ৰতিবেশী ৰাজ্যত বাতিল হ’ল দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

June 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বুধবাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ চূড়ান্ত সিদ্ধান্ত লয় মণিপুৰ চৰকাৰে।

এই কথা পৃথকে পৃথকে ঘোষণা কৰে মণিপুৰ মাধ্যমিক শিক্ষা পৰিষদ আৰু মণিপুৰ উচ্চ শিক্ষা পৰিষদে।

এই সন্দৰ্ভত মণিপুৰ মাধ্যমিক শিক্ষা পৰিষদে কয়, “কভিড-১৯ ৰ অনিশ্চিত পৰিস্থিতিৰ সন্দৰ্ভত বিভিন্ন জনৰ পৰা অহা পৰামৰ্শ অনুসৰি পৰিষদে উচ্চ মাধ্যমিক পৰীক্ষা ২০২১ বাতিল কৰে।”

আনহাতে, আন এক বিবৃতি প্ৰকাশ কৰি মণিপুৰ উচ্চ শিক্ষা পৰিষদে কয় যে, “একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হয়। চৰকাৰৰ অনুমোদন লাভ কৰিলেই ছাত্ৰী-ছাত্ৰীক নম্বৰ, চাৰ্টিফিকেট প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰা হব।”

উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীক নম্বৰৰ মূল্যায়ন সন্দৰ্ভত বিধি প্ৰদান কৰিবলৈ চৰকাৰে ১৪ জনীয়া সদস্যৰ এখন কমিটী গঠন কৰি দিছে।

অতি সোনকালেই সেই কমিটীক মূল্যায়নৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে।