অসমৰ ধৃতিষ্মানক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান

নিউজ ডেস্ক। অসমবাসীক গৌৰৱান্বিত কৰিলে শিৱসাগৰ জিলাৰ নাজিৰাৰ ৫ বছৰীয়া শিশু মাষ্টাৰ ধৃতিষ্মান চক্ৰৱৰ্তীয়ে।

এইবেলি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে অসম ধৃতিষ্মান চক্ৰৱৰ্তীয়ে।

ধৃতিষ্মানে কলা আৰু সংস্কৃতি শাখাত ২০২২ বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ লাভ কৰিছে।

photo-2022-01-25-15-45-47-copy

শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত ধৃতিস্মান চক্ৰৱৰ্তীৰ পিতৃ, মাতৃৰ লগতে জিলা উপায়ুক্ত মেঘ নিধি দাহাল ডাঙৰীয়াৰ উপস্থিতিত ভাৰ্চুৱেল পদ্ধতিৰে পদ্ধতিৰে তেওঁক এই বঁটা প্ৰদান কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

ধৃতিষ্মান চক্ৰৱৰ্ত্তীয়ে মাত্ৰ ৩ বছৰ বয়সতে আটাইতকৈ কম বসয়ীয়া বহু ভাষিক গায়ক (Youngest Multilingual Singer) ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

৫বছৰ বয়সতে ৭/৮টা ভাষাৰ প্ৰায় ৭০টা মান গীত বাণীবদ্ধ কৰে ধৃতিষ্মান চক্ৰৱৰ্ত্তী।

photo-2022-01-25-15-45-47

আঠটা ভাষা ক্ৰমে অসমীয়া, হিন্দী, ইংৰাজী, বেঙ্গলী, মাৰাঠী, কানাড়া, সংস্কৃত, আৰু সিনহালিত গীত পৰিৱেশন কৰি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে ধৃতিষ্মান চক্ৰৱৰ্ত্তী।

শিশুটিৰ এনে অদ্ভুত প্ৰতিভাৰ বাবে কলা আৰু সংস্কৃতি শাখাত পুৰস্কৃত কৰা হয়।

ক’ভিডৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ কাৰণে এইবাৰ এই পুৰস্কাৰ ভিডিঅ’ কনফাৰেন্স পদ্ধতিৰে প্ৰদান কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে লগতে ২০২১ আৰু ২০২২ বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ বিজেতাসকলক ডিজিটেল প্ৰমাণপত্ৰও প্ৰদান কৰে।

Whats-App-Image-2022-01-25-at-12-12-53

এই ডিজিটেল প্ৰমাণপত্ৰ ব্লক-চেইন প্ৰযুক্তিৰে কানপুৰৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি) বিকাশ কৰি উলিয়াইছে।

পুৰস্কাৰ বিজেতাৰ ম’বাইলত থকা ডিজিটেল ৱালেটত এই প্ৰমাণপত্ৰ থাকিব আৰু ইয়াক জালিয়াতি কৰিব নোৱৰা তথা গোলকীয়ভাৱে গ্ৰহণযোগ্য পদ্ধতিৰে প্ৰস্তুত কৰা হৈছে।

22

চলিত বৰ্ষত অসমৰ ধৃতিষ্মানকে ধৰি দেশৰ মুঠ ২৯ গৰাকী শিশুৱে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ লাভ কৰিছে।

ইয়াৰে উদ্ভাৱনী ক্ষেত্ৰত ৭জন, সমাজসেৱাৰ ক্ষেত্ৰত ৪জন, বৌদ্ধিক ক্ষেত্ৰত এজন, ক্ৰীড়াক্ষেত্ৰত ৮ জন, কলা আৰু সংস্কৃতি ক্ষেত্ৰত ৬জন, সাহসিকতাৰ ক্ষেত্ৰত ৩জন শিশুৱে এই পুৰস্কাৰ লাভ কৰিছে।

Whats-App-Image-2022-01-25-at-12-12-55

উল্লেখ্য যে কণমানি ধৃতিষ্মান চক্ৰৱৰ্তী ছ’চিয়েল মিডিয়াতো জনপ্ৰিয়।

বলিউডৰ প্ৰসিদ্ধ শিল্পী ক্ৰমে শ্বান, টনী কক্কৰ, সুনিধি চৌহান, শান্তনু মৈত্ৰ, জিৎ গাংগুলী আদিকে ধৰি কেইগৰাকীও জনপ্ৰিয় শিল্পী ধৃতিষ্মানৰ গীতত মুগ্ধ।

লগতে চাওকঃ

২২ মহীয়া শিশুৱে অৰ্ডাৰ দিলে ডেৰ লাখতকৈও অধিক মূল্যৰ আচবাব! হতবাক পিতৃ-মাতৃ

G8

Leave a Comment