অসমৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হােৱা ২ কিশােৰীক নতুন দিল্লীত উদ্ধাৰ…

অসমৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হােৱা ২ কিশােৰীক নতুন দিল্লীত উদ্ধাৰ…

August 3, 2022 Off By NEWS DESK

নিউজ ডেস্ক। অসমৰ বিভিন্ন অঞ্চলত এতিয়াও সক্ৰিয় হৈ আছে নাৰী সৰবৰাহকাৰী চক্ৰ।

এনে চক্ৰৰ কবলত পৰি নিতৌ সন্ধানহীন হৈছে কিশােৰী-মহিলা।

অনুৰূপ ধৰণে যোৱা ২৯ জুলাইৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হােৱা অসমৰ দুগৰাকী কিশোৰী সৌভাক্ৰমে উদ্ধাৰ হয় সুদূৰ দিল্লীত।

জানিব পৰা মতে, অসম আৰক্ষীৰ খবৰৰ ভিত্তিত দিল্লী আৰক্ষীৰ উত্তৰ পূৰ্বাঞ্চলৰ শাখাই দিল্লীৰ এটা ৰে’লৱে ষ্টেছনত অভিযান চলাই উদ্ধাৰ কৰে অসমৰ কিশোৰী দুগৰাকীক।

জানিব পৰা মতে, দুয়োগৰাকী কিশোৰী ৰৌতাৰ পৰা যোৱা ২৯ জুলাইত সন্ধানহীন হৈছিল।

কিশোৰী দুগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই অৱশেষত দিল্লীৰ পৰা দুয়োগৰাকীকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইফালে, কিশোৰী দুগৰাকী কি উদ্দেশ্যেৰে পৰিয়ালৰ লােকৰ অজ্ঞাতে অসমৰ পৰা দিল্লীত উপস্থিত হ’ল, তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

দুয়োগৰাকী কিশোৰী মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰাৰ সন্দেহ কৰা হৈছে। কিশােৰী দুগৰাকীৰ জিম্মাৰ পৰা আধাৰ কাৰ্ড উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত ৰৌতা আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

অইনফালে দুয়োগৰাকী কিশোৰীৰ দিল্লীৰ পৰা অসমলৈ ওভতাই অনা হৈছে।

লগতে চাওকঃ

ভাল খবৰ! কমনৱেলথ গেমছত স্বৰ্ণজয়ী নয়নমণি শইকীয়াক সহকাৰী কমাণ্ডেন্টলৈ পদোন্নতি অসম চৰকাৰৰ