অসমৰ ৰাজনীতিত নজিৰ বিহীন ঘটনা, কাৰাগাৰৰ পৰা জয়ী হ’ল অখিল গগৈ…

অসমৰ ৰাজনীতিত নজিৰ বিহীন ঘটনা।

কাৰাগাৰৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

কাৰাবন্দী অৱস্থাৰ পৰা শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীত আগবঢ়াই অখিল গগৈয়ে বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকুঁৱৰীক ১১,৭৭৯ টা ভােটৰ ব্যৱধানত পৰাজিত কৰে।

অখিল গগৈয়ে ৫৭,১৭৩ টা ভােট লাভ কৰাৰ বিপৰীতে সুৰভি ৰাজকুঁৱৰীয়ে লাভ কৰে ৪৫,৩৯৪ টা ভােট।

উল্লেখ্য যে এসয়মত প্ৰমােদ গগৈয়ে প্ৰতিনিধিত্ব কৰা শিৱসাগৰ সমষ্টি ‘লাল দুৰ্গ’ হিচাপে খ্যাত আছিল।

অখিল গগৈয়ে হৈছে কাৰাবন্দী অৱস্থাত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰি জয়লাভ কৰা ৰাজ্যৰ প্ৰথমগৰাকী ব্যক্তি।

অখিল গগৈৰ এনে ঐতিহাসিক বিজয়ে স্বাভাৱিকতে উৎফুল্লিত কৰ তুলিছে তেওঁৰ সমৰ্থকসকলক।

বীৰ লাচিত সেনা, অসমৰ মুৰব্বী শৃংখল চলিহাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ২੦২৬ চনত অসমৰ মুখ্যমন্ত্ৰী হ’ব অখিল গগৈ।

Leave a Comment