অসম আৰক্ষীৰ ব্যতিক্ৰমী ৰূপ! ফুল, কলম, চকলেট যাচি শুভেচ্ছা জনালে পৰীক্ষাৰ্থীক

অসম আৰক্ষীৰ ব্যতিক্ৰমী ৰূপ! ফুল, কলম, চকলেট যাচি শুভেচ্ছা জনালে পৰীক্ষাৰ্থীক

August 28, 2022 Off By NEWS DESK

নিউজ ডেস্ক। দেওবাৰে অনুষ্ঠিত হ’ল ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা।

২৫ খন জিলাত অৱতীৰ্ণ হ’ল ৯ লক্ষাধিক প্ৰাৰ্থী।

অৱশ্যে, পৰীক্ষাৰ মাজতে বিভিন্ন পৰীক্ষা কেন্দ্ৰত অসম আৰক্ষীক দেখা গ’ল এক ব্যতিক্ৰমী ৰূপত।

পৰীক্ষাৰ্থীৰ তালাচীৰ সমানে বিভিন্ন পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকলক আৰক্ষীয়ে উপহাৰ প্ৰদান কৰি শুভেচ্ছা জনালে অসম আৰক্ষীয়ে।

কােনাে ঠাইত কলম, ফুল উপাহাৰ দি পৰীক্ষাৰ্থীক আদৰিলে অসম আৰক্ষীয়ে।

আন একাধিক পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকলৰ মাজত চকলেট বিতৰণ কৰিলে আৰক্ষীয়ে।

গুৱাহাটী মহানগৰ আৰক্ষীয়ে কলম উপাহাৰ দি পৰীক্ষাৰ্থীক শুভেচ্ছা জনালে আৰক্ষীয়ে।

ইয়াৰ বিপৰীতে চৰাইদেউ জিলাৰ লাকুৱাত পৰীক্ষাৰ্থীক ফুলেৰে আদৰণি জনালে আৰক্ষীয়ে।