অসম আৰক্ষীৰ সঞ্চালকপ্রধানৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে আৰক্ষীলৈ বিশেষ আহ্বান জি পি সিঙৰ…

অসম আৰক্ষীৰ সঞ্চালকপ্রধানৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে আৰক্ষীলৈ বিশেষ আহ্বান জি পি সিঙৰ…

January 29, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ গুৰু দায়িত্ব গ্ৰহণৰ পূৰ্বে অসম আৰক্ষীৰ নেতৃত্ব আৰু কৰ্মীলৈ বিশেষ অনুৰোধ জনালে জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে।

সামাজিক মাধ্যমযোগে অসম আৰক্ষীৰ নেতৃত্বলৈ আহ্বান জনায় বৰ্তমানৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয় যে অসম আৰক্ষীয়ে অসমবাসীক চিন্তা-চৰ্চাৰ আদান-প্ৰদান আৰু বিপদৰ সময়ত কনিষ্ঠ, মধ্য আৰু জ্যেষ্ঠ পৰ্যায়ৰ আৰক্ষী নেতৃত্বৰ সৈতে যোগাযোগ কৰিবলৈ এখন মঞ্চ প্ৰদান কৰা উচিত।

তদুপৰি আৰক্ষীৰ আউটপোষ্টৰ পৰা আৰক্ষী মুখ্য কাৰ্যালয়লৈকে নেতৃত্বৰ পদত থকা বিষয়াসকলে কনিষ্ঠ আৰক্ষী কৰ্মীসকলক সন্মান আৰু মৰ্যাদা প্ৰদান কৰিবলৈও আহ্বান জনায় জিপি সিঙে।

একেদৰে মহিলা আৰক্ষী কৰ্মীসকলৰ বাবে পৰ্যাপ্ত আৰু উপযুক্ত কৰ্ম পৰিৱেশ গঢ়ি তোলাৰ বাবে আহ্বান জনাই জিপি সিঙে কয় যে সন্মান অৰ্জন কৰা বিষয়, ইয়াক দবী কৰিব নালাগে।

উল্লেখ্য যে, অহা ৩১ জানুৱাৰীত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ দায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰিব ভাস্কৰজ্যোতি মহন্তই।

তাৰ পিছতে এই গুৰু দায়িত্ব বহন কৰিব জিপি সিঙে।