অসম কন্যাৰ কৃতিত্ব! শ্ৰেয়া ভট্টচাৰ্যলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২৩…

অসম কন্যাৰ কৃতিত্ব! শ্ৰেয়া ভট্টচাৰ্যলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২৩…

January 25, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ অসম কন্যা শ্ৰেয়া ভট্টাচাৰ্যৰ অনন্য কৃতিত্ব।

তবলা বাদনেৰে অসমলৈ সুনাম কঢ়িয়ালে বোকাজানৰ শ্ৰেয়াই।

শ্ৰেয়া ভট্টচাৰ্যলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২৩ৰ সন্মান।

উল্লেখ্য যে, দীৰ্ঘ সময় ধৰি তবলা বজাই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত স্থান দখল কৰিবলৈ সক্ষম হয় শ্ৰেয়াই।

প্ৰতিযোগিতাত কেইবাগৰাকীও প্ৰতিযোগীক চেৰ পেলাই সন্মান বুটলে অসম কন্যা শ্ৰেয়া ভট্টচাৰ্যই।

যোৱা ২৩ জানুৱাৰীত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শ্ৰেয়াক প্ৰদান কৰে এই সন্মান।

টুইটযোগে শ্ৰেয়াক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও।