অসম কন্যা লাভলীনা বৰগোহাঁইক শুভেচ্ছা ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰসহ বিভিন্নজনৰ

নিউজ ডেস্ক। অলিম্পিকত ব্ৰঞ্জ পদক নিশ্চিত হোৱাৰ পিছত অসম কন্যা লাভলীনা বৰগোহাঁইক লৈ সমগ্ৰ দেশবাসীৰ প্ৰত্যাশা যথেষ্ট বৃদ্ধি পাইছিল।

ভাৰতক সোণৰ পদক উপহাৰ দিব লাভলীনাই, এনেদৰেই ভাবিছিল সকলোৱে।

কিন্তু বুধবাৰে তুৰস্কৰ বক্সাৰৰ বিৰুদ্ধে চূড়ান্ত ব্যৰ্থ হল লাভলীনা।

ৰিঙত লাভলীনাক হৰুৱালে তুৰস্কৰ বিশ্ব চেম্পিয়ন বুসেনাজ চুৰমেনেলিয়ে।

৫-০ ব্যৱধানত পৰাজয় হ’ল ২৪ বছৰীয়া বক্সাৰ তথা অসম কন্যা লাভলীনা।

ছেমি ফাইনেলত পৰাজয় হলেও কিন্তু তেওঁ দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হল। দেশলৈ আনিলে ব্ৰঞ্জৰ পদক।

বৰ্তমান দেশজুৰি সকলোৱে উচ্চ প্ৰশংসা কৰিছে অসম কন্যা গৰাকীক।

দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি বহুতো লোকে শুভেচ্ছা জনাইছে তেওঁক।

টুইটাৰত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে লাভলীনাক প্ৰশংসা কৰি কয়- “লাভলীনা বৰগোহাঁইলৈ শুভকামনা। তোমাৰ কঠোৰ কষ্ট আৰু লক্ষ্যৰে তুমি দেশক গৌৰৱান্বিত কৰিলা। অলিম্পিকৰ বক্সিঙত তোমাৰ ব্ৰঞ্জ মেডেলে যুৱকসকলক অনুপ্ৰাণিত কৰিব। বিশেষকৈ যুৱতী সকলক তেওঁলোকৰ প্ৰত্যাহ্বানেৰে যুঁজিবলৈ আৰু সপোন পূৰণ কৰাত শক্তি যোগাব।”

লাভলীনাক ভূয়সী প্ৰশংসা কৰি টুইটাৰযোগে শুভেচ্ছা জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইটাৰত প্ৰধানমন্ত্ৰীয়ে কয়- “তোমাৰ এই সফলতাই বহুতো ভাৰতীয়ক যথেষ্ট অনুপ্ৰাণিত কৰিব। ব্ৰঞ্জ পদক জয় কৰাৰ বাবে তোমালৈ অভিনন্দন। তোমাৰ ভবিষ্যতৰ জীৱনলৈ জনালো শুভেচ্ছা।”

দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে শুভেচ্ছা জনায় কয়, “তুমি এগৰাকী চেম্পিয়নৰ দৰে যুঁজিলা লাভলীনা বৰগোহাঁই। দেশৰ বাবে তুমি ভাল প্ৰদৰ্শন কৰিবলৈ কৰা তোমাৰ কঠোৰ চেষ্টা আৰু কাৰ্যই নিশ্চিতভাৱে আমাৰ যুৱ প্ৰজন্মক অনুপ্ৰেৰণা যোগাব। ব্ৰঞ্জ মেডেল লাভ কৰাৰ বাবে তোমালৈ মোৰ আন্তৰিক অভিনন্দন।”

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো শুভেচ্ছা জনায় লাভলীনা বৰগোহাঁইক। তেওঁ কয়, “অলিম্পিকৰ বক্সিঙত ঘৰলৈ ব্ৰঞ্জ মেডেল অনাৰ বাবে তোমালৈ শুভেচ্ছা জনালো অসম কন্যা লাভলীনা বৰগোহাঁই। অসমৰ ইতিহাসত তোমাৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব। তোমাৰ এই উল্লেখনীয় সফলতাৰ বাবে সমগ্ৰ দেশ আজি গৌৰৱান্বিত।”

উল্লেখ্য যে ইয়াৰোপৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সহ দেশৰ বহুতো বিশিষ্ট ব্যক্তিয়ে শুভেচ্ছা জনায় অসম কন্যা গৰাকীক।

Leave a Comment