অসম জাতীয় পৰিষদ-ৰাইজৰ দলৰ ষ্টাৰ কেম্পেইনাৰ অৰৱিন্দ কেজৰিৱাল!

নিউজ ডেস্ক। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘােষণা কৰাৰ পিচতে ৰাজ্যলৈ ঢাপলি মেলিছে বিভিন্ন ৰাজনৈতিক দলৰ ষ্টাৰ কেম্বেইনাৰ।

অৱশ্যে এই পৰ্যন্ত নৱগঠিত অসম জাতীয় পৰিষদ তথা ৰাইজৰ দলৰ হৈ ষ্টাৰ কেম্পেইনাৰ হিচাপে অসমলৈ কােন আহিব সেয়া স্পষ্ট নাছিল।

শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুসৰি, এই দুই মিত্ৰদলে ষ্টাৰ কেম্পেইনাৰৰূপে প্ৰক্ষেপ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতা অৰবিন্দ কেজৰিৱালক।

ইতিমধ্যে কেজৰিৱালে নৱ গঠিত দল দুটাৰ হৈ ষ্টাৰ কেম্পেইনাৰ ৰূপে অংশ লোৱাৰ বাবে সন্মতি প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দুয়োটা দলৰ শীৰ্ষ নেতৃত্বৰ মাজত কেইবালানি বৈঠক অনুষ্ঠিত হৈছে।

আঞ্চলিক দল দুটাই ‘কা’ বিৰোধী ভূমিকা গ্ৰহণ কৰা দেশৰ আন আঞ্চলিক ৰাজনৈতিক দলৰ নেতাকো ষ্টাৰ কেম্পেইনাৰ নিযুক্ত কৰাৰ বাবে বাচনি কৰা বুলি এটা শীৰ্ষ সূত্ৰত প্ৰকাশ।

Leave a Comment