অসাৱধানতা! প্ৰথম মহলাৰ পৰা জাৱৰ পেলাবলৈ গৈ বিপদত পৰিল এজন লােক, CCTV কেমেৰাত বন্দী সমগ্ৰ ঘটনা

নিউজ ডেস্ক। সামাজিক মাধ্যমৰ এক ভিডিঅ’ই আমোদ যোগাইছে বহুতকে। ভিডিঅ’টো দেখিলে আপুনিও নহঁহাকৈ থাকিব নোৱাৰিব।

প্ৰায় ১৪ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা গৈছে যে সহজ পথেৰে জাৱৰ পেলাবলৈ গৈ এজন ব্যক্তিয়ে নিজেই পৰিলেগৈ জাৱৰৰ মাজত।

ঘটনাৰ সময়ত পথত আহিছে দিল্লীৰ পৌৰসভাৰ জাৱৰ কঢ়িওৱা বাহন। বাহনখন অহাৰ খবৰ পাইয়েই ব্যক্তিজনে নিজৰ ঘৰৰ ওপৰৰ পৰা তললৈ নামি নাহি এখন খিৰিকিৰে জাৱৰ দলিয়াই দিবলৈ চেষ্টা কৰে।

খিৰিকীত উঠি জাৱৰ দলিয়াবলৈ চাওঁতেই ব্যক্তিজনে পিছল খায় নিজেই পৰেগৈ ট্ৰাকৰ জাৱৰৰ মাজত।

এই দৃশ্য এতিয়া সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল।

দিপাংশু কাব্ৰা নামৰ এজন আই পি এছ বিষয়াই টুইটাৰত এই ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে, জাৱৰ পেলাওঁতে সাৱধান হ’ব। আপোনাৰ অকণমান অসাৱধানতাই ডাঙৰ ঘটনা কৰিব পাৰে। গতিকে চমু পথ পৰিহাৰ কৰি সঠিক পথেৰে জাৱৰ পেলাওঁক।

লগতে চাওকঃ

পেট্ৰ’ল পাম্পৰ সন্মুখত দুহাতত বেট্ আৰু হেলমেট্ লৈ প্ৰতিবাদ যুৱকৰ!

দুষ্প্ৰাপ্য প্ৰজাতিৰ গৰু পোৱালিৰ দৃশ্যই মোহিছে সকলোকে, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

জনপ্ৰিয়তা বাঢ়িব, তথাপিও মুখ্যমন্ত্ৰীৰ আসনত বহিব নােৱাৰিব ডঃ হিমন্ত বিশ্ব শৰ্মা!

গাখীৰ বিক্ৰীৰ বাবে এজন ‘খেতিয়কে’ ক্ৰয় কৰিলে ৩੦ কােটিৰ হেলিকপ্টাৰ!

Leave a Comment