অৰুণাচল প্ৰদেশত বায়ুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনা, কথমপি প্ৰাণৰক্ষা দুই পাইলটসহ ৫ জনৰ

অৰুণাচল প্ৰদেশত বায়ুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনা, কথমপি প্ৰাণৰক্ষা দুই পাইলটসহ ৫ জনৰ

November 18, 2021 0 By NEWS DESK

অৰুণাচল প্ৰদেশত দুৰ্ঘটনাত পতিত হ’ল ভাৰতীয় বায়ু সেনাৰ MI-17 হেলিকপ্টাৰ।

ৰাজ্যখনৰ পূব প্ৰান্তৰ আনজাও জিলাৰ ৰোচাম হেলিপেডত অৱতৰণৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা।

photo-2021-11-18-19-45-45-2

জানিব পৰা মতে, হেলিকপ্টাৰে হায়ুলিয়াঙৰ পৰা ৰোচামলৈ সেনাৰ বাবে ৰেচন চৰ্টি কৰি আছিল।

সেই সময়তে অৱতৰণৰ সময়ত দিনৰ ৯ বাজি ২৫ মিনিটত যান্ত্ৰিক বিজুতিৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই ৰােচাম হেলিপেডৰ নিচেই কাষত ভূ-পতিত হয়।

অৱশ্যে সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কােনাে লােক হতাহত হোৱা নাই।

হেলিকপ্টাৰখনত থকা দুজন পাইলট ক্ৰমে স্কােৱড্ৰেন লীডাৰ ৰেড্ডী আৰু কাৰ্তিজ পাটনীৰ লগতে এজন অভিযন্তা আৰু দুজন ক্ৰু সদস্যকে ধৰি পাঁচজন ব্যক্তি সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

photo-2021-11-18-19-45-45-2

ৰোচাম পোষ্টত নিয়ােজিত আইটিবিপি জােৱানসকলে উদ্ধাৰ অভিযান চলায়।