অৰুণাচল প্ৰদেশত হিমস্খলনত আবদ্ধ হৈ শ্বহীদ ৭ ভাৰতীয় সেনা জোৱান…

অৰুণাচল প্ৰদেশত হিমস্খলনত আবদ্ধ হৈ শ্বহীদ ৭ ভাৰতীয় সেনা জোৱান…

February 8, 2022 0 By NEWS DESK

নিউজ ডেস্ক। অৱশেষত উদ্ধাৰ হ’ল অৰুণাচল প্ৰদেশৰ কামেং সীমান্তত সন্ধানহীন হৈ থকা ৭ জোৱানৰ নশ্বৰদেহ।

৬ ফেব্ৰুৱাৰীৰ পৰা হিমস্খলনত আবদ্ধ হৈ সন্ধানহীন হৈ আছিল সেনা জোৱান কেইগৰাকী।

অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত টহল দিয়াৰ অৱস্থাতে হিমস্খলনত আৱদ্ধ হৈ পৰে বহু কেইজন ভাৰতীয় সেনা জোৱান।

ইয়াৰে ৭ জন জোৱান তুষাৰস্খলনৰ ফলত সন্ধানহীন হৈ আছিল।

অৱশেষত মঙ্গলবাৰে কামেঙ সীমান্তৰ জাংগাবস্তিৰ মামিংহাট এলেকাত সন্ধানহীন হৈ থকা আটাইকেইজন সেনা জোৱানৰ নশ্বৰদেহ উদ্ধাৰ কৰে উদ্ধাকাৰী দলে।

প্ৰায় ১৪ হাজাৰ ৫০০ ফুট উচ্চতাত দেশৰ সুৰক্ষাৰ কামত নিয়োজিত হৈ থকা সেনা জোৱান কেইজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে দেশজুৰি পৰিছে শোকৰ ছাঁ।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশত বিগত কিছু দিনত হৈ থকা প্ৰচণ্ড তুষাৰপাত আৰু হিমস্খলনে শীতৰ প্ৰকোপ বৃদ্ধি কৰাৰ লগতে ঠায়ে ঠায়ে যাতায়ত স্থবিৰ কৰি পেলাইছে।

বৰফৰ শুভ্ৰ আচ্ছাদনত বুৰ যোৱা অৰুণাচল প্ৰদেশৰ কামেং অঞ্চলত ডিচেম্বৰ মাহতো কেইবাজনো পৰ্যটক হিমস্খলনৰ ফলত আৱদ্ধ হৈ পৰিছিল।