অৰুণাচল প্ৰদেশত হিমস্খলনত শ্বহীদ ৭ ভাৰতীয় সেনা জােৱান

নিউজ ডেস্ক। দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষাৰ বাবে পহৰাৰত অৱস্থাতে শ্বহীদ হ’ল ৭ জনকৈ ভাৰতীয় সেনাৰ জােৱান।

অৰুণাচল প্ৰদেশৰ কামেং জিলাৰ বৰফাবৃত্ত দুৰ্গম এলেকাত হিমস্খলনত আবদ্ধ হৈ দেশৰ বাবে প্ৰাণ ত্যাগ কৰিলে ৭ বীৰ সেনা জােৱানে।

G04

উল্লেখ্য যে যােৱা ৬ ফেব্ৰুৱাৰীত সংঘটিত হিমস্খলনৰ পাছতে বৰফৰ মাজত আবদ্ধ হৈ সন্ধানহীন হৈ পৰে সেনা জোৱান কেইগৰাকী।

a1

অৱশেষত মঙ্গলবাৰে কামেঙ সীমান্তৰ জাংগাবস্তিৰ মামিংহাট এলেকাত সন্ধানহীন হৈ থকা আটাইকেইজন সেনা জোৱানৰ মৃতদেহ উদ্ধাৰ কৰে উদ্ধাকাৰী দলে।

ইতিমধ্যে শ্বহীদ সেনা জােৱানকেইজনৰ পৰিচয় প্ৰকাশ কৰিছে সেনাই।

a2

এই জােৱানকেইজন হ’ল- হাবিলদাৰ যুগল কিশােৰ, ৰাইফলমেন বিশাল শৰ্মা, গ্ৰেনেডিয়াৰ গুৰবাজ সিং, ৰাইফলমেন অৰুণ কট্টল, ৰাইফলমেন অংকেশ ভৰদ্বাজ, ৰাইফলমেন অক্ষয় পাঠানিয়া আৰু ৰাইফলমেন ৰাকেশ সিং।

a3

প্ৰায় ১৪ হাজাৰ ৫০০ ফুট উচ্চতাত দেশৰ সুৰক্ষাৰ কামত নিয়োজিত হৈ থকা সেনা জোৱান কেইজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে দেশজুৰি পৰিছে শোকৰ ছাঁ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে টুইট কৰি শ্বহীদ জােৱান কেইজনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

Leave a Comment