অৰুণাচল প্ৰদেশৰ ভূটান সীমান্তত কৰ্তব্যৰত SSB জোৱানৰ মৃত্যু, ১১ বছৰীয়া পুত্ৰৰ মুখাগ্নি

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশৰ ভূটান সীমান্তত কৰ্তব্যৰত অৱস্থাত সশস্ত্ৰ সীমা বাহিনী (SSB)ৰ এজন জােৱানৰ আকস্মিক মৃত্যু ঘটে।

শ্বহীদ জােৱানজনৰ ঘৰ উত্তৰ প্ৰদেশৰ মিৰাটত বুলি জানিব পৰা গৈছে।

জোৱানজন বুধবাৰে শ্বহীদ হয় বুলি বাহিনীটােৰ সূত্ৰত প্ৰকাশ।

চিকিৎসকৰ মতে, মস্তিষ্কৰ ৰক্তক্ষৰণ হােৱাৰ ফলতে জােৱানজনৰ মৃত্যু ঘটে।

বৃহস্পতিবাৰে মিৰাটৰ কঙ্কৰখেৰা স্থিত আবাস গৃহত উপস্থিত হয়। জােৱানজনৰ মৃতদেহ ঘৰত উপস্থিত হােৱাৰ বৃহৎ সংখ্যক লােক সমবেদ হৈ জােৱানজনলৈ শেষ শ্ৰদ্ধা জনায়।

ইয়াৰ পাছত সম্পূৰ্ণ সামৰিক সন্মানেৰে নশ্বৰদেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

SSB আৰু স্থানীয় আৰক্ষীৰ জোৱানসকলে শ্বহীদ জোৱানক অভিবাদন জনায়। জােৱানজনৰ ১১ বছৰীয়া পুত্ৰই মুখাগ্নি কৰে। SSBৰ জােৱান-বিষয়া, আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকলেও অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে।

জানিব পৰা মতে, জােৱানজনে ২০০৫ ইং চনত বাহিনীটােত হাবিলদাৰ হিচাপে যােগদান হৈছিল।

চাৰি মাহ পূৰ্বে মনোজে SSB ৰ নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ৰ পৰা অৰুণাচল প্ৰদেশৰ তাৱাঙত স্থিত ইউনিটলৈ বদলি কৰা হৈছিল।

মনোজৰ পত্নী পূজা, ১১ বছৰীয়া পুত্ৰ যুৱৰাজ ৰাণা আৰু ৫ বছৰীয়া কন্যাৰ নাম আৰাধ্যা।

জানিব পৰা মতে, ১৭ মাৰ্চত মনোজে পত্নীৰ সৈতে ফােনত কথা পাতিছিল আৰু মূৰৰ বিষৰ কথা কৈছিল। সিদিনাই নিশা বিষ বৃদ্ধি পায়, তেতিয়া জােৱানজনক তাৱাঙত চিকিৎসা প্ৰদান কৰা হৈছিল।

কিন্তু স্বাস্থ্যৰ অৱনতি ঘটনাত এম্বুলেন্সত তাৱাঙৰ পৰা গুৱাহাটীৰ জিএনআৰচি চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

চাৰি দিন ধৰি জােৱানজনৰ সংজ্ঞাহীন অৱস্থাত আছিল। ২৪ মাৰ্চত জােৱানজনে পৰিয়ালৰ লােকৰ উপস্থিতিত শেষ নিশ্বাস ত্যাগ কৰে।

পাছত বিমানেৰে জােৱানজনৰ নশ্বৰ দেহ গুৱাহাটীৰ স্বগৃহলৈ নিয়া হয়।

লগতে চাওকঃ

বাইক ষ্টান্ট কৰি বিপদত পৰিল এজন যুৱক! এজন IPS বিষয়াই শ্বেয়াৰ কৰিলে ভিডিঅ’

হঠাতে ‘মামা’ৰ কাষত উপস্থিত ডিম্পু বৰুৱা! ল’লে ‘অৰাজনৈতিক’ সাক্ষাৎকাৰ

মৰ্মান্তিক! পাহাৰৰ শিল খহি পৰিল চলন্ত বাহনত, সীমান্ত পথ সংস্থাৰ জােৱানৰ কৰুণ মৃত্যু

নাই সুগম বাট-পথ! ১৫৭ কিমি দূৰত্বত অৱস্থিত সীমান্তৱৰ্তী গাঁৱলৈ প্ৰথমবাৰলৈ পদযাত্ৰা এজন মুখ্যমন্ত্ৰীৰ

Leave a Comment