অৱশেষত অস্ত্ৰসহ আৰক্ষীৰ জালত পৰিল অসম-নাগালেণ্ড সীমান্তত সন্ত্ৰাস চলাই অহা দুৰ্ধৰ্ষ ডকাইত ৰাজা আৰু জীতু…

নিউজ ডেস্কঃ অৱশেষত আৰক্ষীৰ জালত পৰিল গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা দুই দুৰ্ধৰ্ষ ডকাইত।

চুঙাজানত নিশা গাড়ী ৰখাই ডকাইতিৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুৰ্ধৰ্ষ ডকাইত দুটাক।

ধৃত ডকাইত দুটাক নাওচানৰ ২নং মৰাজানৰ ৰাজা দাস আৰু জীতু শইকীয়া বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে দুয়োটা ডকাইতৰ পৰা উদ্ধাৰ কৰিছে মৰাণাস্ত্ৰ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিশা প্ৰায় ১২ বজাত মৰাজানত হস্তনিৰ্মিত বন্দুক দেখুৱাই গাড়ীৰ পৰা ডকাইতিৰ চেষ্টা চলাইছিল ডকাইত দুটাই।

কিন্তু সেই সময়তে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় দুয়োকে।

পূৰ্বেও ডকাইত দুটাই পথত এনেদৰে গাড়ী ৰখাই ডকাইতি কাণ্ড সংঘটিত কৰি অঞ্চলটোত আতংকৰ সৃষ্টি কৰি আহিছিল।