অৱশেষত কাৰামুক্ত বৰ্ষাশ্ৰী বুঢ়াগােঁহাই, মুকলি আকাশৰ তললৈ আহিয়েই ক’লে এই কথা…

নিউজ ডেস্ক। অৱশেষত ৬৫ দিনৰ মূৰত কাৰামুক্ত হ’ল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰা বৰ্ষাশ্ৰী শুকুৰবাৰে সন্ধিয়া গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিল।

কাৰাগাৰৰ বাহিৰত থকা সংবাদকৰ্মীসকলক বৰ্ষাশ্ৰীয়ে কয়- ভালে আছো, ভালকে পৰীক্ষা দিছোঁ। আপোনালোকৰ বাবে ওলাই আহিব পাৰিলো, সকলোকে ধন্যবাদ।

বৰ্ষাশ্ৰীয়ে আৰু কয়, ‘মই প্ৰশাসন ব্যৱস্থাকাে ধন্যবাদ জনাইছােঁ, তেওঁলােকৰ সহায়ৰ বাবেও মই বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হ’লােঁ।’

বৰ্ষাশ্ৰীয়ে লগতে কয়- যদিও মই ভুল কৰিছিলো মই অনুতপ্ত। কবিতা লিখি যদি ভুল কৰিছিলো, তেন্তে অনুতপ্ত। আইন ব্যৱস্থাৰ চকুত যদি মই ভুল কৰিছিলাে, মই অনুতপ্ত।

বৰ্ষাশ্ৰীয়ে তেওঁৰ মুক্তিৰ বাবে বিভিন্ন দল সংগঠন তথা সংবাদ মাধ্যমে লোৱা পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখ্য যে বৰ্ষাশ্ৰীৰ কাৰাবন্দীত্বৰ প্ৰসংগই সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হােৱাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়া মন্তব্য কৰি কৈছিল যে বৰ্ষাশ্ৰীক কবিতা লিখাৰ বাবে নহয়, বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহ কৰিম বুলি কোৱা কাৰণেহে গ্ৰেপ্তাৰ কৰা হৈছে।

কবিতা লিখাত কোনো আপত্তি নাই, কিন্তু ৰাষ্ট্ৰদ্ৰোহ কৰিম বুলি কোৱা কাৰণেহে গ্ৰেপ্তাৰ কৰিবলগা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছিল।

যুৱতীগৰাকী আৰু তেওঁৰ অভিভাৱকে আলফালৈ নাযাও বুলি দায়িত্ব ল’লে তেওঁক মুকলি কৰি দিয়া হ’ব বুলিও কৈছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সেই অনুসৰিয়েই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ শুনানিৰ সময়তে চৰকাৰী অধিবক্তাই বৰ্ষাশ্ৰীৰ জামিনৰ ক্ষেত্ৰত কােনাে আপত্তি দৰ্শােৱা নাছিল।

লগতে চাওকঃ

ভাল খবৰ! CBSE ৰ দ্বাদশৰ চূড়ান্ত পৰীক্ষাত দেশজুৰি চতুর্থ স্থানত অসমৰ হৰিদ্ৰা

ভাল খবৰ ! CBSE ৰ দশম শ্ৰেণীৰ ফলাফলত দেশজুৰি দ্বিতীয় স্থানত অসমৰ লােচনা…