অৱশেষত ক্ষমা খুজিলে মঙলদৈৰ গণক চুবাৰ ৰাইজে! অতুল শৰ্মাৰ দহা-সকামতো সহায়-সহযোগিতা কৰাৰ দিলে প্ৰতিশ্ৰুতি

অৱশেষত ক্ষমা খুজিলে মঙলদৈৰ গণক চুবাৰ ৰাইজে! অতুল শৰ্মাৰ দহা-সকামতো সহায়-সহযোগিতা কৰাৰ দিলে প্ৰতিশ্ৰুতি

August 14, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ অসবৰ্ণ বিবাহ কৰাৰ বাবেই ২৭ বছৰ ধৰি সমাজৰ পৰা লাঞ্চিত-বঞ্চিত হৈ অহা মঙলদৈৰ পাটালসিং পাৰাৰ গণক চুবাৰ সদ্য প্ৰয়াত অতুল শৰ্মাৰ চোতালত থিয় হৈ এতিয়া ক্ষমা খুজিবলৈ বাধ্য হ’ল গঞা ৰাইজে।

নিম্ন জাতিৰ ছোৱালী বিয়া কৰোৱাৰ অপৰাধতে অতুল শৰ্মাৰ মৃত্যুৰ পিছতো তেওঁৰ সৎকাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল গাঁওবাসীয়ে। যাৰ বাবে স্বামীৰ মৃতদেহ নৈৰ পাৰত পুতি থবলৈ বাধ্য হৈছিল পত্নী প্ৰণীতা দেৱীয়ে।

কিন্তু এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰাত অৱশেষত নিজৰ ভুল স্বীকাৰ কৰি অতুল শৰ্মাৰ বাসগৃহত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি ভুলৰ বাবে ক্ষমা বিচাৰে গঞা ৰাইজে। লগতে গাঁওবুঢ়া ভূপেন বৰুৱাৰ উপস্থিতিত মৃত অতুল শৰ্মাৰ দহা-সকাম সকলোতে সহায়-সহযোগিতা আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিয়ে ৰাইজে।

ৰাইজৰ কুৰি জনতকৈও অধিক লোকে স্বাক্ষৰ কৰা এখন ৰাজহুৱা ক্ষমা পত্ৰত লিখা হৈছে- ‘যোৱা ১ আগষ্ট মঙলবাৰে আমাৰ চুবুৰীৰ অতুল শৰ্মাৰ মৃত্যুৰ পিচত তেওঁৰ পাৰ্থিৱ শৰীৰ সৎকাৰৰ ক্ষেত্ৰত ৰাইজে চলি অহা নিয়ম অনুসৰণ কৰে। সামাজিক নিয়ম অনুসৰি ৰাইজৰ সিদ্ধান্তমর্মে মৃতদেহটোক ভূ-সমাধি দিয়া হয়। উক্ত সিদ্ধান্তটি সময়সাপেক্ষ নোহোৱা বাবে বিভিন্ন সচেতন সমাজৰ আৱেগ-অনুভূতিত আঘাত হানিছে, এই কথা আমাৰ দৃষ্টিগোচৰ হৈছে। তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছো।’

ক্ষমা পত্ৰত পুনৰ লিখা হৈছে, ‘বৰ্তমান সময়ৰ সমাজ ব্যৱস্থাৰ লগত খাপ খোৱাকৈ আমাৰ ৰাইজে যি সিদ্ধান্ত ল’ব লাগিছিল, তাৰ বিপৰীতে লোৱা সিদ্ধান্তটি সচেতন মহলে ভুল বিবেচিত কৰাৰ বাবে আমিও ৰাজহুৱাভাৱে উক্ত সিদ্ধান্তটি ভুল আছিল বুলি মানি লৈছো।

ইয়াৰ পৰিপ্ৰেক্ষিতত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ নেতৃত্বত বিভিন্ন দল-সংগঠন তথা প্রশাসনে মৃতদেহ সৎকাৰৰ ব্যৱস্থাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিলে, তাক আমি ৰাজহুৱাভাৱে আদৰণি জনাইছো। অনাগত দিনত আমাৰ মাজত থকা সম্প্ৰীতি অটুট ৰখাৰ বাবে সচেতন মহলে বিবেচনা কৰি এই বিষয়টো ইমানতেই শেষ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিলো। শেষত অনাকাংক্ষিতভাৱে হোৱা ভুলৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছো।’

উল্লেখ্য যে, অতুল শৰ্মাৰ বাসগৃহত অনুষ্ঠিত এই সভাখনৰ নেতৃত্ব দিয়ে স্থানীয় বিধায়ক বসন্ত দাসে। অনুষ্ঠানত আক্ৰাছুৰ নেতৃত্বও উপস্থিত থাকে।