
অৱশেষত জামিন লাভ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ
October 28, 2021নিউজ ডেস্ক। বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে অৱশেষত লাভ কৰিলে জামিন।
বৃহস্পতিবাৰে ক্ৰুজ ড্ৰাগছ গোচৰৰ সন্দৰ্ভত বোম্বে উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে তেওঁক।
ন্যায়ালয়ে আৰিয়ান খানৰ সৈতে আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাকো জামিন প্ৰদান কৰে। আদালতে শুক্ৰবাৰে এই সন্দৰ্ভত বিতং নিৰ্দেশ দিব বুলি জানিবলৈ দিয়ে অধিবক্তাই।

আৰিয়ান খানক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন এটৰ্নি জেনেৰেল মুকুল ৰোহতগীয়ে কয়, “বোম্বে উচ্চ ন্যায়ালয়ে তিনিদিন ধৰি যুক্তি শুনি আৰিয়ান খান, আৰবাজ মাৰ্চেণ্ট, মুনমুন ধামেচাক জামিন প্ৰদান কৰিছে। বিতং আদেশ কাইলৈ দিয়া হ’ব। আশা কৰো তেওঁলোক সকলোৱে কাইলৈ বা শনিবাৰৰ ভিতৰত কাৰাগাৰৰ পৰা ওলাই আহিব।”

উল্লেখ্য যে ২৩ বছৰীয়া আৰিয়ান খানক মুম্বাই উপকূলৰ ওচৰত কৰ্ডেলিয়া ক্ৰুইজৰ জাহাজত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ অভিযানৰ সময়ত আন কেইবাজনো লোকৰ সৈতে ৩ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল।
#shahrukhkhan fans celebrate #AryanKhanBail outside #Mannat pic.twitter.com/caWz7awKED
— Viral Bhayani (@viralbhayani77) October 28, 2021
পূৰ্বে তেওঁৰ জামিন আবেদন দণ্ডাধীশ আদালত আৰু বিশেষ এনডিপিএছ আদালতত নাকচ কৰা হৈছিল। আৰিয়ান খান ৮ অক্টোবৰৰ পৰা মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ আছিল।
লগতে চাওকঃ
৫੦ হাজাৰ টকাৰ উৎকোচ লৈ CBI ৰ হাতত গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক, তালাচীত জব্দ নগদ ১.১২ কােটি টকা