অৱশেষত মৃত্যুৰ ওচৰত পৰাজিত হ’ল দিপাংশী! পথ দুৰ্ঘটনাত হৈছিল আহত…

নিউজ ডেস্কঃ বিগত প্ৰায় এসপ্তাহ হাস্পতালৰ বিছনাত মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নৱম শ্ৰেণীৰ ছাত্ৰী দিপাংশীয়ে।

এক পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা ছাত্ৰীগৰাকীৰ মৃত্যুৰ বাৰ্তাই এতিয়া শোকবিহ্বল কৰিছে পৰিয়ালৰ লগতে পলাশবাৰীবাসীক।

উল্লেখ্য যে, যোৱা ৩০ জানুৱাৰীত মিৰ্জা চানডুবি পথৰ বৰিহাটত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল আমৰাংগা বৰিহাট অঞ্চলৰ খৰাপাৰা সত্ৰ নিৱাসী ধীৰেণ কলিতা আৰু চুনু কলিতাৰ কনিষ্ঠা কন্যা তথা আঞ্চলিক হাইস্কুল, ফুলগুৰিৰ নৱম শ্ৰেণীৰ ছাত্ৰী দিপাংশী কলিতা (১৫)।

ছাত্ৰীগৰাকীক লগে লগে ভৰ্তি কৰোৱা হৈছিল জিএমচিএইছত।

কিন্তু হাস্পতালত প্ৰায় এসপ্তাহ চিকিৎসাধীন হৈ থাকি সোমবাৰে নিশা মৃত্যুক সাৱটি লয় দিপাংশীয়ে।

ছাত্ৰীগৰাকীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে তেওঁ অধ্যয়ন কৰা বিদ্যালয়, বন্ধুবৰ্গ আৰু অঞ্চলবাসীৰ মাজত।