আঐ ঠাণ্ডা! প্ৰচণ্ড জাৰত গা ধোৱাৰ অভিনৱ কিটিপ, সামাজিক মাধ্যমৰ ভাইৰেল ভিডিঅ’ই আমোদ দিছে নেট ব্যৱহাৰকাৰীক…

নিউজ ডেস্কঃ এতিয়া পুহ মাহ! ঠাণ্ডা যিমানেই নামিছে, সিমানেই যেন লেপৰ উম আৰু জুইকুৰালৈ আকৰ্ষণ বাঢ়িছে সকলোৰে।

শীতৰ এনে সেমেকা দিনবোৰত গা ধোৱাটো বহুতৰ বাবে এখন যুদ্ধৰ সমান।

বিশেষকৈ বহু পুৰুষৰ বাবে এই শীতৰ দিনত গা ধোৱা মানে যেন নৰকৰ দুৱাৰৰ পৰা উভতি অহাৰ দৰেহে লগা কথা।

এইহেন সময়তে পুনৰ এবাৰ ভাইৰেল হৈ পৰিছে এটা পুৰণি ভিডিঅ’।

সামাজিক মাধ্যমত এই ভিডিঅ’টোৱে হাঁহিৰ খোৰাক দিছে নেট ব্যৱহাৰকাৰীক। লগতে যেন এই ভিডিঅ’টোৱেই কঢ়িয়াই আনিছে প্ৰচণ্ড জাৰৰ বতৰা।

ভাইৰেল ভিডিঅ’টোত এজন ব্যক্তিক এটা আণ্ডাৰৱেৰ পিন্ধি গা ধুই থকা দেখা গৈছে।

ব্যক্তিজনে প্ৰথমে তেওঁৰ গোটেই গাত চাবোন সনাদি সানিছে।

তাৰ পিছত যেতিয়া পাত্ৰ এটাৰে টাবৰ পৰা পানী অলপ তুলি চুই চাইছে, তেতিয়া প্ৰচণ্ড জাৰত শিঁয়ৰি উঠিছে।

তাৰ পিছতে গা ধোৱাৰ এক অনন্য পন্থা গ্ৰহণ কৰা দেখা গৈছে ব্যক্তিজনক।

প্ৰথমে তেওঁ কাল্পনিকভাৱে গাত চাবোন সানিছে, তাৰ পিছতে পানী নোহোৱাকৈ তেওঁ সাইলাখ গা ধোৱাৰ অভিনয় কৰিছে।

জানিব পৰা মতে, এই ভিডিঅ’টো প্ৰথম ২০১৮ চনত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

কিন্তু প্ৰতিবাৰেই শীত নমাৰ লগে লগে পুনৰ চৰ্চালৈ আহে এই ভিডিঅ’।

একাংশ নেট ব্যৱহাৰকাৰীয়ে এইবাৰো এই ভিডিঅ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি আমোদ লৈছে।